Highest mark in English in hs exam 2023: ইংৰাজীত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ সৰ্বোচ্চ নম্বৰ লাভ প্ৰীতমৰ - hs results 2023

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 7, 2023, 1:13 PM IST

কোকৰাঝাৰ, ৭ জুন :  কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰীতম নাৰ্জাৰীয়ে মঙলবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ইংৰাজী বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি মহাবিদ্যালয়খনৰ লগতে কোকৰাঝাৰলৈ সুনাম কঢ়িয়াই আনিছে । প্ৰীতম নাৰ্জাৰীয়ে ইংৰাজী বিষয়ত ১০০ নম্বৰৰ ভিতৰত ৯৮ নম্বৰ লাভ কৰিছে (Highest mark in English in hs exam 2023) ।

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° বনবিনা ব্ৰহ্মই প্ৰীতম নাৰ্জাৰীৰ সফলতাত অভিনন্দন জ্ঞাপন কৰিছে । পৰীক্ষাৰ সময়ত পিতৃ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল নহ’লে স্থানপ্ৰাপকৰ তালিকাত প্ৰীতম নাৰ্জাৰীৰ নামটো চোৱাৰ সৌভাগ্য হ’লহেতেন বুলি মন্তব্য কৰিছে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° বনবিনা ব্ৰহ্মই ।

উল্লেখ্য যে, প্ৰীতম নাৰ্জাৰীয়ে ইংৰাজীত ৯৮, পদাৰ্থ বিজ্ঞানত ৯২, জীৱবিজ্ঞানত ৯৪, ৰসায়ন বিজ্ঞানত ৮৮ আৰু ঐচ্ছিক ইংৰাজীত ৮৭ নম্বৰ লাভ কৰি সৰ্বমুঠ ৪৫৯ নম্বৰ লাভ কৰিছে । প্ৰীতম নাৰ্জাৰীয়ে ৯১.৮ শতাংশ লাভ কৰি উত্তীৰ্ণ হৈছে । ভৱিষ্যতে প্ৰীতম নাৰ্জাৰীয়ে চিকিৎসক হোৱাৰ মন মেলিছে ।

লগতে পঢ়ক : HS results 2023: ৰাজ্যৰ ভিতৰত সংস্কৃতত সৰ্বাধিক নম্বৰ লাভ অভিষেক উপাধ্যায়ৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.