ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যক চাকৰিৰ পৰা নিলম্বন

🎬 Watch Now: Feature Video

thumbnail

ডিব্ৰুগড়, 16 ডিচেম্বৰ : ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’ল মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য ৷ উল্লেখ্য যে, বিদ্যালয়খনৰে এগৰাকীৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যানত চলোৱাৰ অভিযোগ উত্থাপিত হৈছে অধ্যক্ষ চিৰঞ্জীৱৰ বিৰুদ্ধে ৷ তাৰ পাচতে চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দিয়া এক নিৰ্দেশত শুকুৰবাৰে অধ্যক্ষগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷

আনহাতে, ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক অপসাৰণৰ দাবীত শুকুৰবাৰে মৰাণত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াৰ পাচতে অধ্যক্ষ ভট্টাচাৰ্যক চাকৰিৰ পৰা নিলম্বন কৰে শিক্ষা বিভাগে ৷ ইফালে, অভিযুক্ত অধ্যক্ষকগৰাকীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰা চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল গগৈৰো ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলংকৰ দাগ সানিলে অধ্যক্ষই 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.