Kaliabor news: কাজিৰঙাৰ প্ৰস্তাৱিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ DPR প্ৰস্তুত কৰাৰ দাবী

By

Published : Aug 10, 2023, 7:55 PM IST

thumbnail

কলিয়াবৰ, 10 আগষ্ট: কলিয়াবৰ তিনিআলিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈ নুমলীগড়লৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা সম্প্ৰসাৰণ হ'ব চাৰিলেনযুক্ত পথলৈ ৷ ইয়াৰ লগতে কাজিৰঙাত পথছোৱাত প্ৰায় 35 কিলোমিটাৰ দীঘল উৰণ সেঁতু নিৰ্মাণৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।  

কিন্তু পথছোৱা উন্নীতকৰণৰ ক্ষেত্ৰত চৰকাৰে লেহেমীয়া গতিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ফ’ৰলেন দাবী সমিতিয়ে । জখলাবন্ধাৰ মাজেৰেই কাজিৰঙা হৈ সম্প্ৰসাৰিত চাৰিলেনযুক্ত পথৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈও দাবী জনাইছে দাবী সমিতিখনে ।

উল্লেখ্য যে, 2006 চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে চাৰিলেনযুক্ত পথৰ দাবী অগ্ৰাহ্য কৰিছিল । কিন্তু বৰ্তমান উৰণ সেতুঁসহ চাৰিলেনযুক্ত পথ নিৰ্মাণত সেউজ সংকেত দিয়াত চৰকাৰে প্ৰাৰম্ভিক জৰীপৰ কাম আৰম্ভ কৰিছে । 

কিন্তু বৰ্তমানলৈকে প্ৰস্তাৱিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ DPR প্ৰস্তুত নোহোৱাত শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে চাৰিলেন দাবী সমিতিয়ে । শীঘ্ৰে চৰকাৰক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনোৱাৰ লগতে সংবাদমেল যোগে আহ্বান জনাইছে চাৰিলেন দাবী সমিতিয়ে ।

লগতে পঢ়ক: Price hike in Assam: দামবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্রীৰ সুৰতে সুৰ মিলালে যোগান মন্ত্রীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.