Sarbananda Sonowal: ভাৰত-ম্যানমাৰ জলপথ সন্দৰ্ভত সৰ্বানন্দ সোণোৱালৰ সংবাদমেল - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
🎬 Watch Now: Feature Video
মৰাণ, 5 মে’: ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ সংবাদমেল (Cabinet Minister Sarbananda Sonowal press meet) ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূবৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত সংবাদমেলযোগে ৰাজ্যবাসীক অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপৰিবহন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাবে সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰা কাৰ্যপন্থা সম্পৰ্কতো সদৰী কৰে সোণোৱালে ৷ যোৱা ৪ মে’ত কলকাতাৰ পৰা জল পথেদি মালবাহী জাহাজ ম্যানমাৰলৈ যাত্ৰা কৰিছে (Minister Sarbananda Sonowal at Dibrugarh)।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৱল কথাৰে নহয় কামেৰে ইয়াক প্ৰমাণ কৰি দেখুৱাইছে ৷ ইয়াৰ লগতে অহা ৯ মে’ত ম্যানমাৰত উপস্থিত হ'বলগীয়া এই বিশেষ জাহাজখনক আদৰণি জনাবলৈ কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশত ম্যানমাৰ চৰকাৰৰ নিমন্ত্ৰণ মৰ্মে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে উপস্থিত থকাৰ কথা সংবাদমেলখনত সদৰী কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত দেশত জল পৰিবহন ব্যৱস্থাটোক অধিক শক্তিশালী কৰা হৈছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৷
লগতে পঢ়ক: Anan Tanti encounter: আনন তাঁতীক এনকাউণ্টাৰৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল
TAGGED:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী