Mongeet Festival 2023: মাজুলীৰ লুইতৰ পাৰত মননশীল গীতৰ চলিছে আখৰা - দেকাচাঙৰ গুৰুগৃহত আখৰা চলিছে মননশীল গীতৰ
🎬 Watch Now: Feature Video
মাজুলীৰ লুইতৰ পাৰত ডেকা চাঙৰ বাকৰি আজি উদুলি মুদুলি ৷ কিয়নো লুইতৰ পাৰত অনুষ্ঠিত হৈছে মনগীত মহোৎসৱ 2023 (Mongeet Festival 2023) । এই মনগীতত অংশগ্ৰহণ কৰিবলৈ মাজুলীৰ ডেকা চাঙৰ বাকৰিত সমাহাৰ ঘটিছে অসমৰ লগতে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বহু শিল্পীৰ ।
অসমৰ লগতে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলে উঠি অহা প্ৰজন্মক কিবা এটা শিকাই যোৱাৰ লগতে সামাজৰ হকে কিছু কাম কৰাৰ মানসেৰে এই মনগীত আয়োজন কৰিছে ৷ আনকি খ্যাতনামা শিল্পীৰ পৰা কিছু শিকাৰ আগ্ৰেহে অসমৰ বিভিন্ন প্ৰান্তৰ ন-শিকাৰুৱে ভিৰ কৰিছেহি লুইতৰ পাৰৰ ডেকাচাঙত ।
ন-শিকাৰুক শিক্ষা দিয়াৰ বাবে দেকাচাঙৰ গুৰুগৃহত আখৰা চলিছে মননশীল গীতৰ ।
ৰাহুল কৌশিক নাথ ফাউণ্ডেচনৰ উদ্যোগত ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা মনগীত উৎসৱকলৈ সোমবাৰে আয়োজন কৰে এক সংবাদমেলৰ (Press conference for Mongeet Festival in Majuli) ৷ এই সংবাদমেলত আদিল হুছেইন, ৰীমা দাস, জয় বৰুৱা, পাৰ্বতী বাউল, ধ্ৰুৱজ্যোতি ফুকন আদি বিভিন্ন ক্ষেত্ৰৰ শিল্পী উপস্থিত থাকে ।