Unhealthy food product in Guwahati: অস্বাস্থ্য়কৰ পৰিৱেশত ভৰিৰে মোহাৰি প্ৰস্তুত পাপৰ - ভৰিৰে মোহাৰি প্ৰস্তুত কৰিছে পাপৰ
🎬 Watch Now: Feature Video
গুৱাহাটী, ২০ জুলাই: আপুনি বাৰু পাপৰ খাই নেকি ? যদি খাই তেনেহলে খোৱাৰ আগতে এবাৰ ভাৱক । কাৰণ কদৰ্যময় পৰিৱেশত ভৰিৰে মোহাৰি প্ৰস্তুত কৰা পাপৰেই হয়তো আপুনি খাই আছে । বুধবাৰৰ দিনটোত গুৱাহাটী পৌৰ নিগমে চলোৱা এক অভিযানত পোহৰলৈ আহিছে এই ঘটনা ।
মহানগৰীৰ গড়চুক কটাহবাৰীস্থিত চয়ম ফুড প্ৰডাক্টছত চলিছিল এই অভিযান । সঞ্জয় চাজ্জেৰ নামৰ লোকজনৰ চয়ম ফুড প্ৰডাক্টছ প্ৰতিষ্ঠানটোত দীৰ্ঘদিন ধৰি এনেদৰেই প্ৰস্তুত হৈ আহিছে পাপৰ । প্ৰতিষ্ঠানটোত নাই কোনো চাফ চিকুনতাৰ পৰিৱেশ ।
উল্লেখ্য যে এই প্ৰতিষ্ঠানটোৰ প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰৰ সমীপতেই একেলগে দমে দমে ৰখা হৈছে পাপৰ প্ৰস্তুতকৰণৰ সামগ্ৰী সমূহ । বুধবাৰে অভিযান চলাই গুৱাহাটী পৌৰ নিগমে প্ৰতিষ্ঠানটো চীল কৰে । লগতে জব্দ কৰে সা-সামগ্রী সমূহ । ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগৰ সঘনাই পৰিদৰ্শনৰ পিচতো কেনেদৰে এই প্ৰতিষ্ঠানসমূহে খাদ্য় প্ৰস্তুত কৰি আছে তাক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ । প্ৰতিষ্ঠানটোৱে কিদৰে এনে পৰিৱেশত দীৰ্ঘদিনে ব্যৱসায় চলাই আহিছে সেইলৈও প্ৰশ্ন উত্থাপিত হৈছে ।