thumbnail

By

Published : Apr 10, 2023, 7:24 PM IST

ETV Bharat / Videos

Rangali Bihu 2023: ডিব্ৰুগড়ত চলিছে ল’গ বিহুৰ আখৰা

ডিব্ৰুগড়, ১০ এপ্ৰিল: পদুলি মুখত হেঁপাহৰ ৰঙালী বিহুটি । কুলি কেতেকীৰ মাতে জীপাল কৰিছে পৰিৱেশ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । ব্যতিক্ৰম নহয় উজনি অসমৰ ডিব্ৰুগড় । বৃহত্তৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন গাঁৱত এতিয়া ঢোলৰ গুম-গুমনিৰে মুখৰিত হৈ পৰিছে (Bihu Preparation in Assam) । বিহু অহাৰ উমান পাই কপৌ, নাহৰ, তগৰ জোপাইও মিচিকিয়াই হাঁহি ফুলিব ধৰিছে । বাৰীৰ কাষৰ আম জোপাও মলিয়াবলৈ ধৰিছে (Rangali Bihu 2023) ।  

ইফালে গাঁৱৰ জীয়াৰী-বোৱাৰীসকল ব্যস্ত হৈ পৰিছে তাঁতশালত বিহুৱান, ৰুমাল আদি বোৱাত । আনন্দ মনেৰে তাঁতশালত ব্যস্ত হৈ পৰা দুই এগৰাকী জীয়াৰী-বোৱাৰীৰ মুখত বিহু নামৰ কলিও শুনিবলৈ পোৱা গৈছে (Preparations for Rangali Bihu in Dibrugarh) । সমান্তৰালকৈ ঢেঁকীত চিৰা-পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে গ্ৰাম্যঞ্চলৰ বহু মহিলা । পিচ পৰি ৰোৱা নাই অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকল ।  

মৰাণৰ সমীপৰ মেচলৌ ভঁৰালী গাঁৱতো সোণোৱাল ডেকা গাভৰুসকল ব্যস্ত ল'গ বিহু আখৰা কৰাত । বিহুৰ বিভিন্ন কৃষ্টি সংস্কৃতি থকা সোণোৱাল কছাৰীসকলৰ অন্যতম হল লগ বিহু । বাইথ' পূজাৰ দিনাৰ পৰাই আখৰা কৰা হয় লগ বিহু (Sonowal youth Bihu preparation) । মেচলৌ ভঁৰালী গাঁওখনৰ লগতে বহুকেইখন গাঁৱৰ সোণোৱাল যুৱক-যুৱতীয়ে একত্ৰিত হৈ এই লগ বিহু অনুষ্ঠিত কৰি আহিছে ।

সোণোৱাল কছাৰী লোকসকলৰ এই লগ বিহুত ১৮ গৰাকী যুৱতী আৰু ১৮ জন যুৱক একত্ৰিত হৈ বিভিন্ন মঞ্চত প্ৰদৰ্শনী হিচাপে আৰু গাঁৱত কোনো ব্যাক্তিয়ে নিমন্ত্ৰণ কৰিলে নিমন্ত্ৰণ ৰক্ষা কৰি পদ ধূলা পেলাই গৃহস্থৰ চোতালত । মূলতঃ কৃষি কৰ্মৰ পূৰ্বে গাৰ জঠৰতা ভাঙিবলৈ সোণোৱাল কছাৰী লোকসকলে এই ল'গ বিহু । 

লগতে পঢ়ক: KMSS protest at Raha: টোলগেট বন্ধ কৰাৰ দাবীত ৰহাত কৃষক মুক্তিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.