ৰাসৰ আখৰাত ব্যস্ত চৰকাৰী বিদ্যালয়ৰ এজাক শিক্ষাৰ্থী - ৰাস মহোৎসৱ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 12:04 PM IST

চতিয়া, 26 নৱেম্বৰ : ৰাজ্যত উজনিৰ পৰা নামনিলৈ সকলোতে এতিয়া ৰাস মহোৎসৱক লৈ ব্যস্ততা পৰিলক্ষিত হৈছে ৷ ব্যতিক্ৰমীভাৱে ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়তো ৰাস অনুষ্ঠিত কৰিবলৈ আখৰাত ব্যস্ত হৈ পৰিছে কণ কণ ছাত্ৰ-ছাত্ৰীসকল ৷ নদুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 287 নং দীঘলপেটা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা মঞ্চস্থ হ’ব ৰাস মহোৎসৱ ৷ যাৰ বাবে দিনে-নিশাই শিক্ষাৰ্থীসকল আখৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ শিশুলীলাৰ শ্ৰীকৃষ্ণৰ পৰা পুতনা ৰাক্ষসী আৰু মহাৰাসৰ শ্ৰীকৃষ্ণৰ পৰা শংখচূড়লৈকে সকলো চৰিত্ৰতে অভিনয় কৰিছে শিক্ষাৰ্থীসকলে ৷

পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও ৰাস পৰিৱেশনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা জামুগুৰিহাটৰ 287 নং দীঘলপেটা প্ৰাথমিক বিদ্যালয় ব্যতিক্ৰমী বিদ্যালয় হিচাপে পৰিগণিত হৈছে ৷ উল্লেখ্য যে, শিক্ষাৰ্থীসকলক এই ৰাস মহোৎসৱৰ শিশুলীলা আৰু মহাৰাসৰ প্ৰশিক্ষণ দিছে প্ৰবীণ শিল্পী তথা সাংস্কৃতিক কৰ্মী পূৰ্ণ নাথে ৷

লগতে পঢ়ক : নগাঁৱৰ কঢ়ালী গাঁৱত মহাৰাসৰ প্ৰস্তুতি; আহিব বহুতো তাৰকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.