thumbnail

By

Published : Jan 9, 2023, 10:34 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Bhugali Bihu at Tingkhong : টিংখাঙত প্ৰস্তুত জাপি আকাৰৰ ৭০ ফুট উচ্চতাৰ মেজি

সমুখত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু (Bhugali Bihu ২০২৩)। ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ সাজু হৈছে অসমবাসী (Bhugali Bihu in Assam) । টিংখাঙতো দেখা পোৱা গৈছে মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি । ভোগালীৰ প্ৰাকক্ষণত টিংখাঙৰ গেৰেকণি গাঁৱত দেখিবলৈ পোৱা গৈছে এক উখল-মাখল পৰিৱেশ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰাজগড় আঞ্চলিক সমিতিৰ উদ্যোগত তথা ১ নং গেৰেকণি, ২ নং গেৰেকণি, ৩ নং গেৰেকণি, ১নং লেৰেলাপথাৰ, ২ নং লেৰেলাপথাৰ তথা বৃহত্তৰ ৰাজগড়বাসী ৰাইজৰ সহযোগত গেৰেকণি পথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মংগলবাৰৰ পৰা ভোগালী বিহু উদযাপন কৰা হ’ব । য’ত ভোগালীৰ স্বকীয় পৰম্পৰাৰ ওপৰিও খেৰ বাঁহেৰে এখন চহা জীৱনৰ প্ৰতিচ্ছবি তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে । উদযাপন স্থলিত নিৰ্মাণ কৰা এক বিশাল আকাৰৰ জাপি আৰু প্ৰায় ৭০ ফুট উচ্চতাৰ মেজিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে (Preparation of Bhugali Bihu at Tingkhong)। এফালে যদি মেজি, ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকাসকল, আনফালে পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মহিলাসকল । ব্যস্ততাৰ মাজতে বিহু মাৰি আনন্দ-উল্লাসত মতলীয়া হৈছে সকলো ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.