Baresahariya Bhaona 2023: ২২৬ বছৰীয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰস্তুতি তুংগত - Baresahariya Bhaona in Jamuguri

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 4, 2023, 11:01 PM IST

চতিয়া, ৪ মাৰ্চ: পদূলি মুখত জামুগুৰিবাসীৰ হৃদয় স্পন্দন স্বৰূপ তথা দেশৰ কলা সংস্কৃতিৰ অন্যতম একক বৃহৎ অনুষ্ঠান বাৰেচহৰীয়া ভাওনা । অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব জামুগুৰিহাটৰ ২২৬ সংখ্যক বাৰেচহৰীয়া ভাওনা (Preparation of Baresahariya Bhaona)। ইতিহাস সমৃদ্ধ এই মহোৎসৱ উদযাপণৰ বাবে জামুগুৰি ৰাইজে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । এই লৈ এতিয়া ঐতিহাসিক জামুগুৰিহাটৰ পকামূৰা পথাৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ।  

ইয়াকে লৈ দুৰ দুৰণিৰ অতিথিক আপ্যায়নৰ বাবে জামুগুৰিবাসী সাজু হৈ উঠিছে (Baresahariya Bhaona in Jamuguri)। ব্যতিক্ৰম নহয় মুঢ়াদল গাঁৱৰ মহিলাসকল । জামুগুৰিহাটৰ হিয়াৰ আমঠু বাৰেচহৰীয়া ভাওনাৰ উদযাপনৰ বাবে মহিলাসকলে একলগ হৈ নাম গাই গাই, নাচি বাগি আনন্দত আত্মহাৰা হৈছে । তেওঁলোকে বৰ পিঠা,তিল পিঠা, তিলৰ লাৰু, চুঙা পিঠা,নাৰিকলৰ লাৰু আদি প্ৰস্তুত কৰাত ব্যস্ত হৈছে । বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন আৰু অতিথিক আপ্যায়ন কৰিবলৈ গাত তৎ নোহোৱা হৈছে মুঢ়াদল গাঁৱকে ধৰি জামুগুৰিহাটৰ বিভিন্ন গাঁৱৰ মহলাসকলৰ । 

উল্লেখ্য় যে পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি সাংস্কৃতিক কৰ্মী গজেন বৰুৱাই ১৭৯৭-৯৮ চনত আৰম্ভ হোৱা বাৰেচহৰীয়া ভাওনাক ১৯৬৯ চনত এক নতুন মাত্ৰা প্ৰদান কৰিছিল ৷ বাৰেচহৰীয়া ভাওনা মহোৎসৱত ভাওনাস্থলীত ২০-৩০ খন ভাওনা একেলগে প্ৰদৰ্শিত হয় (Significance of Baresahariya Bhaona) ৷ “বাৰে” মানে অনেক আৰু“চহৰীয়া”মানে ৰাইজ ৷ ৯ মাৰ্চলৈ চলিবলগীয়া এই বাৰেচহৰীয়া ভাওনাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে সৰ্বানন্দ সোণোৱাল ।

লগতে পঢ়ক:Savings Society fraud : সঞ্চয় সমিতিৰ নামত লুণ্ঠন, প্ৰৱঞ্চকক বিচাৰি হাহাকাৰ ভুক্তভোগীৰ  

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.