Amrit Brikshya Andolan: ১০ লাখ বৃক্ষৰোপনেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে সাজু ওদালগুৰি
🎬 Watch Now: Feature Video
Published : Sep 11, 2023, 8:37 PM IST
|Updated : Sep 11, 2023, 10:04 PM IST
ৰৌতা, ১১ ছেপ্টেম্বৰঃ বিহুক বিশ্ব ৰেকৰ্ডৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ পাছত এইবাৰ অমৃত বৃক্ষ আন্দোলনেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্য অসম চৰকাৰৰ । গুৱাহাটীৰ খানাপাৰাৰ পিছত গছ পুলি ৰোপনৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ সাক্ষী হোৱাৰ পথত ওদালগুৰি জিলাবাসী । জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মাজবাটৰ চিকাৰীডাংগা আৰু ভৈৰৱকুণ্ডত ১০০০ বিঘা ভূমিত ১০ লক্ষাধিক গছ পুলি ৰোপণ কৰি ৱৰ্ল্ড ৰেকৰ্ডৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ প্ৰস্তুতি চলাইছে অসম চৰকাৰ, বিটিচি চৰকাৰ আৰু বন বিভাগে ।
অহা ১৪ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে শুভাৰম্ভ কৰিব এই কাৰ্যসূচীৰ। অমৃত বৃক্ষ আন্দোলন সফল কৰিবলৈ বন বিভাগ,দল-সংগঠন, স্থানীয় লোক, সচেতন যুৱকৰ লগতে প্ৰায় ২০০০ শ্ৰমিকে দিনে-নিশাই ব্যস্ত হৈ আছে ।