নগাঁৱৰ কঢ়ালী গাঁৱত মহাৰাসৰ প্ৰস্তুতি; আহিব বহুতো তাৰকা - মহাৰাসৰ প্ৰস্তুতি

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 5:04 PM IST

চামগুৰি, 23 নৱেম্বৰ : শৰৎ কালৰ ৰাতি অতি বিতোপন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানৰ নামঘৰ, ৰাজহুৱা খেলপথাৰত ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো নগাঁৱৰ পুৰণিগুদাম কঢ়ালী গাঁৱত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আখৰা উলহ মালহেৰে চলি আছে ।

কলিকতাৰ পৰা অহা আলোকসজ্জা দলৰ দ্বাৰা সু-সজ্জিত আলোকৰ লগতে সু-নিপুণ শিল্পীৰ দ্বাৰা নন্দালয়, কংসালয়, চলন্ত অৱস্থাত শিশু কৃষ্ণৰ লৱণু চুৰিৰ দৃশ্য আদি প্ৰস্তুত কৰি ধুম ধামেৰে বিশাল মণ্ডপ বনাই কঢ়ালী গাঁৱৰ ৰাসৰ প্ৰস্তুতি তুংগত উঠিছে । আগন্তুক ১ ডিচেম্বৰত মাজুলীৰ শিল্পীৰ দ্বাৰা 'কংসালয়' আৰু ৩ ডিচেম্বৰত মহাৰাস ৰূপায়ণ কৰা হʼব । মহাৰাসৰ মুখ্য চৰিত্ৰসমূহত মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনা, বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, বেহাৰবাৰী আউটপোষ্টৰ মুকুতা, বসুমতাৰী আৰু ৰাজীৱে অভিনয় কৰিব । ইয়াকে লৈ এতিয়া উখল মাখল পৰিৱেশ কঢ়ালী গাঁৱত । ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে গাঁওখনৰ গাভৰু-বোৱাৰীসকলো।

লগতে পঢ়ক : ৰাসৰ আখৰাত গুঞ্জৰিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বামুণী গোঁসাই থান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.