150 ফুট ওখ মেজিৰে কামৰূপৰ সৰপাৰাত অভিলেখৰ প্ৰস্তুতি - Preparation for Magh Bihu
🎬 Watch Now: Feature Video


Published : Jan 4, 2024, 9:49 PM IST
মিৰ্জা, 4 জানুৱাৰী : দক্ষিণ কামৰূপৰ সৰপাৰাস্থিত পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত 150 ফুট ওখ মেজি আৰু 50 ফুট দীঘল পেঁপা নিৰ্মাণেৰে অভিলেখ গঢ়াৰ প্ৰস্তুতি ৷ 17 ৰ পৰা 21 জানুৱাৰীলৈকে চলিবলগা মাঘী মেলাত প্ৰদৰ্শিত হ’ব এই মেজি আৰু পেঁপা ৷ মাঘী মেলাত কণী যুজঁ, কুকুৰা যুঁজৰ দৰে থলুৱা খেল-ধেমালিও অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ লগতে থলুৱা ব্যঞ্জনেৰে এসাজ খাব পৰাৰো ব্যৱস্থা থাকিব ৷
স্থানীয় শিল্পীয়ে নিৰ্মাণ কৰি আছে এই বৃহৎ মেজি আৰু পেঁপা ৷ খেৰ, বাঁহ আদিৰে নিৰ্মাণ কৰি থকা হৈছে এই মেজি আৰু পেঁপা ৷ 22 জানুৱাৰীৰ পুৱা অৰ্থাৎ মাঘী মেলাৰ সামৰণি পৰাৰ পিছতেই দাহ কৰা হ’ব মেজি ৷ এই মাঘী মেলাত থলুৱা সাজপাৰ, খাদ্য, সামগ্ৰী আদিৰ বিপণীও উপলব্ধ হ’ব ৷ প্ৰতিটো সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷
লগতে পঢ়ক : ডিব্ৰুগড়ত কঁকাল ভাঙি বিহু নাচিলে বলীউডৰ অভিনেতা ৰাজা মুৰাদে