Khel maharan 2023 : বৰপেটাত আজিৰে পৰা আৰম্ভ খেল মহাৰণ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:30 PM IST

thumbnail

বৰপেটা, 1 নৱেম্বৰ: ৰাজ্যৰ চুকে-কোণে থকা ক্ৰীড়া প্ৰতিভাসমূহক উপযুক্ত মঞ্চলৈ আগবঢ়াই নিয়াৰ বাবে আজিৰ পৰা ৰাজ্যত আৰম্ভ হয় খেল মহাৰণ । অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত এই মহাৰণ সম্পূৰ্ণ প্ৰস্তুতিৰে বুধবাৰৰে পৰা বৰপেটা জিলাতো আৰম্ভ হৈছে । বৰপেটাৰ সহকাৰী জিলা ক্ৰীড়া বিষয়া ৰিজুমণি দাসে সদৰী কৰে যে খেল মহাৰণত অংশগ্ৰহণৰ বাবে জিলাখনৰ 39 হাজাৰ 829 গৰাকী খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছে । 

জিলাখনৰ 102 খন গাঁও পঞ্চায়ত আৰু পাঁচখন পৌৰসভাৰ অন্তৰ্গত অঞ্চলৰ খেলপথাৰত এইসকল খেলুৱৈয়ে এথলেটিক্স, ফুটবল, ভলীবল, কাবাদী আৰু খো খো খেলত নিজৰ প্ৰতিভা দাঙি ধৰিব পাৰিব বুলি কয় । গাঁও পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা খেলুৱৈসকলক লৈ পৰৱৰ্তী পৰ্যায়ত অহা 27 নৱেম্বৰৰ পৰা বিধানসভা সমষ্টি ভিত্তিত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । 

উল্লেখযোগ্য যে, বৰপেটা জিলাৰ কমেও চল্লিশটা চৰ অঞ্চলতো খেল মহাৰণ অনুষ্ঠিত হ’ব বুলি জিলা ক্ৰীড়া বিষয়াগৰাকীয়ে সদৰী কৰে । ইপিনে বৰপেটা পৌৰসভাৰ অধীনত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত প্ৰায় 1500 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বুলি ক্ৰীড়া বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Scam In Distribution Of PDS Rice : সুলভ মূল্যৰ চাউল হৰলুকি কৰি এজেণ্ট ৰাইজৰ ৰোষত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.