Baresahariya Bhaona in Jamugurihat: বাৰেচহৰীয়া ভাওনা সমাৰোহৰ ধ্বজা স্থাপন অনুষ্ঠান - Ongoing Baresahariya Bhaona Project
🎬 Watch Now: Feature Video
চতিয়া,৫ফেব্ৰুৱাৰী: জাতি,ধৰ্ম, বৰ্ণৰ ভেদাভেদ নাৰাখি শোণিতপুৰৰ জামুগুৰিহাটত সাৰ্বজনীনভাৱে অনুষ্ঠিত হৈ আহিছে বাৰেচহৰীয়া ভাওনা সমাৰোহ (Baresahariya Bhaona) ৷ এক বিশেষত্ব আছে এই বাৰেচহৰীয়া ভাওনা সমাৰোহৰ । প্ৰতি পাঁচ বছৰৰ অন্তৰালত অনুষ্ঠিত কৰা হয় এই ভাওনা সমাৰোহ ৷ দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসুচীৰে অনুষ্ঠিত হ'ব ৷
এই ভাওনা মহোৎসৱ উপলক্ষে দেওবাৰে পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনা বাৰেচহৰীয়া ভাওনাৰ লগত জড়িত বিভিন্ন জাতি জনগোষ্ঠী, ভিন্ন ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত আগন্তুক মাৰ্চ মাহত হ'বলগীয়া এই বৃহৎ অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে ধ্বজা স্থাপন কৰা হয় । ইয়াকে লৈ ঐতিহাসিক পকামূৰা পথাৰত দেওবাৰে বিৰাজ কৰিলে উদুলি মুদুলি পৰিৱেশ । কোচগাঁৱৰ পৰা ধবজা লৈ কেইবা শতাধিক ৰাইজ গায়ন, বায়ন, খোল, তাল, ডবা, কাঁহ, শংখ ধ্বনিৰে শোভাযাত্ৰা কৰি ভাওনাথলীত ধবজা স্থাপন কৰে(Preparation for Baresahariya Bhaona in Jamugurihat) ।
এই ধবজা স্থাপন অনুষ্ঠান সমাপন কৰে বিশিষ্ট সমাজ সেৱক কমলা নাথে । বাৰেচহৰীয়া ভাওনা সমাৰোহৰ ধ্বজা স্থাপন অনুষ্ঠান উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা (MLA Padma Hazarika) শোণিতপুৰ জিলাৰ উপায়ুক্তসহ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । উল্লেখ্য যে, প্ৰায় ১২৫ বৰ্ষ অতিক্ৰম কৰা বাৰেচহৰীয়া ভাওনা সমাৰোহৰ বাবে অসম চৰকাৰেও আগবঢ়াইছে আৰ্থিক অনুদান ৷ বাৰেচহৰীয়া ভাওনাস্থলীত ১২০ বিঘা মাটিত স্থায়ী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে অসম চৰকাৰে আগবঢ়াইছে ২৬ কোটি টকাৰ অনুদান(Ongoing Baresahariya Bhaona Project) ।
প্ৰবাদ অনুসৰি শোণিতপুৰ জিলাৰ দক্ষিণ জামুগুৰিৰ অন্তৰ্গত পাছিগাঁৱৰ পশ্চিমে থকা ৰঘুদলনি পথাৰত প্ৰথমবাৰ বাৰেচহৰীয়া ভাওনা ২১ খন ভাওনাৰে আৰম্ভ হৈছিল (History of Baresahariya Bhaona) ৷ সেই পৰম্পৰা অক্ষুন্ন ৰাখি বৰ্তমান সময়তো প্ৰতি ৫ বছৰৰ অন্তৰালত অনুষ্ঠিত হৈ আহিছে দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা ।
লগতে পঢ়ক: Maghi Purnima 2023: ভড়ালী নামঘৰত বাপীৰাম দেউৰ আজোনাতি মন্ত্ৰী কেশৱ মহন্তৰ সেৱা