thumbnail

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:19 PM IST

ETV Bharat / Videos

Tense in AIUDF meeting: চামগুৰিত প্ৰাক-নিৰ্বাচনী হিংসা; AIUDFৰ সভাত কংগ্ৰেছ কৰ্মীৰ উদ্ভাণ্ডালি

চামগুৰি, 19 ছেপ্টেম্বৰ: 2024ৰ লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে তৎপৰতা ৷ অব্যাহত ৰাখিছে সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ প্ৰচেষ্টা ৷ কিন্তু ইয়াৰ মাজতে যেন নগাঁও জিলাৰ চামগুৰিত সৃষ্টি হ’ল প্ৰাক-নিৰ্বাচনী হিংসা ৷ চামগুৰিত AIUDFৰ সভাত ৰকিবুল হুছেইনৰ বাহিনীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে ।  

উল্লেখ্য যে সোমবাৰে বিয়লি কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিৰ মোৱামাৰীত অনুষ্ঠিত AIUDFৰ এখন সভাত অংশগ্ৰহণ কৰিছিল বিধায়ক আমিনুল ইছলামে । কিন্তু এই সভাতেই ৰকিবুল হুছেইনৰ একাংশ কৰ্মী উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । কংগ্ৰেছৰ একাংশ কৰ্মীয়ে সভাখন অনুষ্ঠিত কৰাত একপ্ৰকাৰ বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

অৱশ্যে সভাত উপস্থিত থকা একাংশই কংগ্ৰেছ কৰ্মীক খেদি পঠিয়াবলৈ সক্ষম হয় । চামগুৰিৰ কংগ্ৰেছ কৰ্মীৰ এনে আচৰণত ক্ষুব্ধ হৈ পৰে বিধায়ক আমিনুল ইছলাম । উল্লেখযোগ্য যে বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন ক্ষমতাত থকা সময়তো চামগুৰি সমষ্টিত AIUDFৰ নেতা-কৰ্মী কংগ্ৰেছী বাহিনীৰ আক্ৰমণৰ বলি হৈছিল । অৱশ্যে অনাগত দিনত ৰকিবুল বাহিনীৰ এনে উদ্ভণ্ডালিৰ ওৰ পৰিব বুলি মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে ।

বিধায়ক ইছলামে কয়, মৃত্যুৰ পূৰ্বে পাখি গজাৰ দৰে কংগ্ৰেছৰ এতিয়া পাখি গজিছে ৷ 2026 চনৰ পাচত কংগ্ৰেছৰ অস্তিত্ব নোহোৱা হ’ব ৷

লগতে পঢ়ক: Singapore Fellowship to Assam CM: মুখ্যমন্ত্ৰীক সন্মান দিব নালাগে বুলি ছিংগাপুৰলৈ পত্ৰ ভূপেন বৰাৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.