Pre Bhogali Utsav: চাংসাৰিত প্ৰাক ভোগালী উৎসৱ উদযাপন

By

Published : Jan 8, 2023, 12:48 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন (Bhogali bihu preparation in Assam)৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ ব্যাপক আয়োজন চলিছে ৷ ইয়াৰ মাজতে কামৰূপৰ চাংসাৰিত আয়োজন কৰা হৈছে প্ৰাক ভোগালী উৎসৱ (Pre Bhogali Utsav at Changsari)৷ শনিবাৰে নিশা গীতে মাতে মুখৰিত হ’ল চাংসাৰীৰ শিলভঁৰাল ৷ ধোপাতাৰী শিলভঁৰাল গঞা ৰাইজৰ উদ্যোগত আয়োজন কৰা এই ভোগালী উৎসৱত বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীয়ে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে (Pre Bhogali celebration)৷ বিহুৰ পৰা আৰম্ভ কৰি মহোহো গীতলৈ সকলো ধৰণৰ লোক-সংস্কৃতি প্ৰদৰ্শিত কৰা হৈছে এই সাংস্কৃতিক অনুষ্ঠানত ৷ গীত মাতে মুখৰিত এই ভোগালী উৎসৱত ভিন্ন খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা হৈছে অতিথিসকলক ৷ প্ৰচণ্ড শীতত জুইৰ উম লৈ ৰাইজে জুতি ল’লে চুঙা পিঠা, দৈ, লাৰু, তিলপিঠা, মাছ, মাংসকে ধৰি বিভিন্ন ব্যঞ্জন ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.