Pranjal Moran body found : অবৈধ কয়লা খননত জড়িত শ্ৰমিকৰ তথ্য সংগ্ৰহ আৰক্ষীৰ - Pranjal Moran body found
🎬 Watch Now: Feature Video
তিনিচুকীয়া,৭ এপ্ৰিল : তিনিচুকীয়া জিলাৰ লিডুৰ কয়লা খনিত ১২ জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ থকা মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ মৃতদেহ অৱশেষত উদ্ধাৰ হ'ল (Pranjal Moran missing case) । শুকুৰবাৰে পুৱাই অভিযানকাৰী দলে প্ৰাঞ্জল মৰাণৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে । ঘটনাস্থলীত অসম আৰক্ষীৰ মহাপৰিদৰ্শক জিৎমল দলে উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰিছে । লগতে প্ৰাঞ্জল মৰাণৰ পৰিয়ালকো মৃতদেহ উদ্ধাৰৰ বিষয়ে জনাইছে (Pranjal Moran body found)।
ইফালে প্ৰতিকূল বতৰৰ বাবে অভিযানকাৰী দলটো কিছু অসুবিধাৰ সন্মুখীন হৈছিল বুলি সংবাদমাধ্যমক জনাইছে আৰক্ষীৰ মহাপৰিদৰ্শক জিৎমল দলেয়ে । অবৈধ কয়লাখনন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰক্ষীৰ মহাপৰিদৰ্শকগৰাকীয়ে কয় যে এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে আৰক্ষী (IGP Jitmal Doley on Pranjal Moran case)। ইয়াৰ উপৰিও অবৈধ খননত জড়িত শ্ৰমিকসকলৰ তথ্যপাতিও সংগ্ৰহ কৰিছে আৰক্ষীয়ে । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে কয়লাখননত জড়িত শ্ৰমিকসকলে প্ৰায়ে নিজৰ তথ্য লুকুৱাই ৰাখে । সেয়ে এই ক্ষেত্ৰত সকলো শ্ৰমিকৰ পৰিচয়, ঠিকনা আদি সংগ্ৰহ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক: Pranjal Moran Murder Case : বস্তাৰ ভিতৰত উদ্ধাৰ প্ৰাঞ্জল মৰাণৰ মৃতদেহ