Subrata Cup Football Tournament:সুব্ৰত কাপ প্ৰতিযোগিতাৰ বাবে অসম ফুটবল দলৰ অনুশীলন - ৬২ তম ৰাষ্ট্ৰীয় সুব্ৰত কাপ প্ৰতিযোগিতা
🎬 Watch Now: Feature Video


Published : Sep 29, 2023, 4:24 PM IST
তিনিচুকীয়া, ২৯ ছেপ্টেম্বৰ: অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া ৬২ তম ১৪ বছৰ অনুৰ্ধ্ব ৰাষ্ট্ৰীয় সুব্ৰত কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসম ফুটবল দলে । দেশৰ আটাইতকৈ পুৰণি আৰু ঐতিহ্যপূৰ্ণ ৰাষ্ট্ৰীয় স্কুল প্ৰতিযোগিতাখনত অসম দলৰ হৈ অংশ গ্ৰহণ কৰিব চৰাইদেউ বেঙেনাবাৰি হাইস্কুল ফুটবল দলে । ইতিমধ্যে বাচনি হোৱা ১৬ জনীয়া দলটোক প্ৰশিক্ষক ৰাজু হাজৰিকাই ডুমডুমা নগৰ খেল পথাৰত অনুশীলন অব্যাহত ৰাখিছে ।
ডুমডুমাৰ বিশিষ্ট ক্ৰীড়া সংগঠক ৰঞ্জন বৰ্মনৰ তত্বাৱধানত প্ৰায় এমাহ ধৰি দলটোৱে অনুশীলন চলাই আছে । ১ অক্টোবৰত বেংগালুৰুলৈ উৰা মাৰি ২ অক্টোবৰত মহাৰাষ্ট্ৰ বিপক্ষে প্ৰথম খেলত অৱতীৰ্ণ হ'ব অসম দলটোৱে । দলটোত ১৬ গৰাকী খেলুৱৈৰ লগতে প্ৰশিক্ষক ৰাজু হাজৰিকা, সহকাৰী প্ৰশিক্ষক দুলাল বৰ্মণ আৰু মেনেজাৰ হিচাপে ৰঞ্জন বৰ্মন উপস্থিত থাকিব ।
লগতে পঢ়ক:Silapathar rape case: কন্যাক ভুলৰ বাবে মাৰপিটহে কৰিছিল; ধৰ্ষণৰ অভিযোগক ষড়যন্ত্ৰ আখ্যা পৰিয়ালৰ