BJP চৰকাৰৰ অধীনত ৰাজ্যত ৮০ লাখ লোক দাৰিদ্ৰতাৰ পৰা ৰক্ষা পৰিছে : মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 10:41 PM IST

thumbnail

গুৱাহাটী, 16 জানুৱাৰী : যোৱা তিনি বছৰত অসমত দাৰিদ্ৰতাৰ সংখ্যা 25 শতাংশ হ্ৰাস পাইছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে । তেওঁ নীতি আয়োগৰ তথ্যৰ উদ্ধৃতি দি কয় যে ৰাজ্যখনৰ 80 লাখৰো অধিক লোকে দাৰিদ্ৰতাৰ পৰা ৰক্ষা পাইছে ।

নীতি আয়োগৰ তথ্যৰ উদ্ধৃতি দি শৰ্মাই কয়, ‘‘বিজেপি চৰকাৰৰ অধীনত ৰাজ্যখনৰ 80 লাখ লোক দাৰিদ্ৰতাৰ পৰা ৰক্ষা পৰিছে । যোৱা 3 বছৰত দাৰিদ্ৰতাৰ সংখ্যাৰ অনুপাত 25% হ্ৰাস পাইছে’’ । তেওঁ কয়, ‘‘আমি বৰ্তমান দ্ৰুত বিকাশৰ পথত আগবাঢ়িছো । ইয়ে অসমক দেশৰ শীৰ্ষ 5 খন ৰাজ্যৰ ভিতৰত এখন হিচাপে পৰিগণিত হৈ ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব’’ ।

আয়োগৰ দ্বাৰা প্ৰদান কৰা ৰাষ্ট্ৰীয় বহুমাত্ৰিক দাৰিদ্ৰতা সূচক (এমপিআই) ৰ তথ্য সদৰী কৰি শৰ্মাই কয় যে ৰাজ্যখনত দৰিদ্ৰতাৰ সংখ্যাৰ অনুপাত 2013-14 বৰ্ষত 36.97 শতাংশ‌ আছিল । 2022-23 বৰ্ষত ৰাজ্যখনত দৰিদ্ৰতাৰ সংখ্যাৰ অনুপাত 14.47 শতাংশলৈ হ্ৰাস পাইছে ।

তেওঁ কয় যে অৰুণোদয় আঁচনি, বিনামূলীয়া অন্ন সেৱা আঁচনি আদি কল্যানমূলক আঁচনিয়ে অসমত দাৰিদ্ৰতাৰ সংখ্যা হ্ৰাস কৰিছে । সংবাদমেলত তেওঁ কয় যে অহা ১৮ জানুৱাৰীৰ‌ পৰা‌ ২৫ জানুৱাৰীলৈ ৰাজ্যৰ বিভিন্ন জিলাত মহিলা উদ্যমিতা আচঁনিৰ প্ৰ-পত্ৰ বিতৰণ‌ কৰা‌ হ'ব । নিদিষ্ট পঞ্চায়তত এই মহিলা উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ‌ কৰা‌ হ'ব ।

লগতে পঢ়ক : ড৹ ৰবি কোটা হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.