Pottery industry in Assam: ৰং-বিৰঙী লাইটে সমস্যাত পেলাইছে মৃৎ শিল্পীসকলক - ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:46 PM IST

বৰপেটা ৰোড, 7 নৱেম্বৰ: সমাগত পোহৰৰ উৎসৱ দিপাৱলী ৷ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ ৷ বৰপেটাৰোডৰ বাঁহবাৰীৰ পালপাৰাৰ মৃৎ শিল্পীসকল দিনে-নিশাই ব্যস্ত হৈ পৰিছে মাটিৰ চাকি প্ৰস্তুত কৰিবলৈ । পালপাৰাৰ কুমাৰসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মাটিৰ চাকিসমূহ ৷ কিন্তু বজাৰত উপলব্ধ ৰং-বিৰঙী চাইনিজ ইলেক্ট্ৰ’নিক সামগ্ৰীৰ বাবে কুমাৰে প্ৰস্তুত কৰা মাটিৰ চাকিৰ সমাদৰ কমি গৈছে বুলি জনায় মৃৎ শিল্পীসকলে ৷ 

ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে মৃৎ শিল্পীসকল  ৷ পৰিয়াল পোহপালৰ ক্ষেত্ৰতো সমস্যই দেখা দিছে  ৷  বিগত প্ৰায় এশ বছৰ ধৰি বৰপেটাৰোডৰ গুৱাগাছা-বাঁহাবাৰীৰ প্ৰায় 40 টা পৰিয়ালে মৃৎ শিল্পৰ কাম কৰি আছে যদিও চৰকাৰে এই মৃৎ শিল্পীসকলৰ কল্যাণাৰ্থে কোনোধৰণৰ পদক্ষেপ লোৱা নাই বুলি পালপাৰাৰ মৃৎ শিল্পীসকলে জানিবলৈ দিয়ে ৷ সেয়ে মৃৎ শিল্পীসকলৰ প্ৰতি চৰকাৰৰ সু-দৃষ্টি দিবলৈ দাবী জনাইছে মৃৎ শিল্পীসকলে ৷ 

লগতে পঢ়ক: FIR filed against Badruddin Ajmal : বদৰুদ্দিন আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত FIR দাখিল অসম তৃণমূল যুৱ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.