বিশ্বকৰ্মাৰ বাবে বাইহাটাত ব্যস্ত মৃৎ শিল্পী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 15, 2022, 5:38 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন । পূজাৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ (Potters busy in Baihata Chariali)মাজত । প্ৰতিমা বিপনী সমূহত এতিয়া ব্যস্ততাপূৰ্ণ পৰিবেশ । বাইহাটা চাৰিআলিতো দেখা গৈছে মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াৰ ব্যস্ততাপূৰ্ণ পৰিবেশ । ক'ভিডসৃষ্ট পৰিবেশৰ বাবে যোৱা দুটা বৰ্ষত মৃৎ শিল্পীসকলৰ মনত কোনো ধৰণৰ আনন্দ নাছিল যদিও এইবেলি দুগুণ উৎসাহেৰে প্ৰতিমা সমূহ সম্পূৰ্ন ৰূপে সজাই পৰাই তুলিছে । বাইহাটা চাৰিআলিৰ এখন প্ৰতিমা বিপনী যিখনে ৫০ বছৰ ধৰি চলাই আহিছে প্ৰতিমা নিৰ্মানৰ কাম । এই বিপনীখনে চাৰি -পাঁচজন কৰ্মচাৰীক দি আহিছে ভৰন-পোষণ । তেওঁলোকে প্ৰতিমাৰ যোগান ধৰি আহিছে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলত । উল্লেখ্য় যে শাস্ত্ৰত কোৱা হৈছে,সত্যযুগত বিশ্বকৰ্মাই স্বৰ্গলোক সৃষ্টি কৰিছিল,ত্ৰেতা যুগত সোণৰ লংকা,দ্বাপৰত দ্বাৰকা নগৰ আৰু কলিযুগত হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ সৃষ্টি কৰিছিল ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.