New assamese movie: এপ্ৰিলত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি যোদ্ধা

By

Published : Jan 11, 2023, 10:49 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
এপ্ৰিলত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি যোদ্ধা(New assamese Movie Yoddha) । মঙ্গলবাৰে মহানগৰীৰ হোটেল শ্বুলিন গ্ৰেণ্ডত আয়োজিত এক অনুস্থানত মুকলি কৰা হয় ছবিখনৰ পোষ্টাৰ । লগতে মুকলি কৰে ছবিখনৰ এটি গীত । পোষ্টাৰ তথা সংগীত মুকলি কৰে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ(Famous Singer Zubeen Garg) আৰু গৰিমা শইকীয়া গাৰ্গে(Posters and song released of new movie Yoddha) । পৰিমল এন্টাৰপ্ৰাইজৰ নিবেদনত প্ৰস্তুত কৰা হৈছে ছবিখন । যোদ্ধা ছবিখনৰ কাহিনী, চিত্ৰনাট্য সংলাপ তথা পৰিচালনা ভাস্কৰজ্যোতি গোস্বামীৰ । ছবিখন প্ৰযোজনা কৰিছে পৰিমল বিশ্বাস আৰু ৰীমা বিশ্বাসে । ছবিখনত সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে । অভিনেতা ৰাজকুমাৰ অভিনীত ছবিখন অসমৰ ৰাইজে আকোৱালি ল'ব বুলি আশাবাদী জুবিন গাৰ্গ‌ তথা যোদ্ধা পৰিয়াল ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.