thumbnail

By

Published : Apr 25, 2023, 9:01 PM IST

ETV Bharat / Videos

SingerKumar Suresh Das death: জনপ্ৰিয় গীতিকাৰ কুমাৰ সুৰেশ দাসৰ ৰহস্যজনক মৃত্যু

ডিব্ৰুগড়, 25 এপ্ৰিল : সোণাৰিত জনপ্ৰিয় কণ্ঠশিল্পী তথা গীতিকাৰ কুমাৰ সুৰেশ দাসৰ ৰহস্যজনক মৃত্যু । গানৰ কামৰ বাবে সোণাৰিৰ মীৰা তন্তবাই নামৰ এগৰাকীৰ সাংস্কৃতিক কৰ্মীৰ বাসগৃহলৈ বুলি আহিছিল তেওঁ ৷ ঘৰলৈ যাম যাম বুলিও কামৰ খাতিৰতে দুদিন বেছিকৈ থাকিব লগা হৈছিল তেওঁ মীৰা তন্তবাইৰ ঘৰত ৷ ফোনেৰে পত্নীৰ সৈতে যোগাযোগ হৈ আছিল যদিও অধিক দিন তাত থাকিব লগীয়া হোৱা সন্দৰ্ভত পত্নী অৱগত নাছিল বাবে ঘৰ গৈ নোপোৱাত বাৰে বাৰে ফোন কৰিছিল পত্নীয়ে ৷ সিফালৰ পৰা একো উত্তৰ নাপাই অন্য এজন ব্যক্তিক ফোন কৰি স্বামীৰ অসুস্থতাৰ কথা জানিব পাৰে ৷ বমি কৰিয়েই মৃত্যু হ’ব পাৰে বুলি মানি ল’ব বিচৰা নাই এতিয়া কুমাৰ সুৰেশ দাসৰ পত্নীয়ে ৷ সেয়েহে আৰক্ষীৰ ওচৰত সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে তেওঁ (Kumar Suresh Das mysterious demise) ৷

ডিব্ৰুগড়ৰ নিবাসী এসময়ৰ জনপ্ৰিয় গীতিকাৰ কণ্ঠশিল্পী শিৱচৰণ দাসৰ পুত্ৰ কুমাৰ সুৰেশ দাসৰ "হাৱাই উৰেলা" শীৰ্ষক গীতটো সমগ্ৰ অসমতে জনপ্ৰিয় হৈছিল (Popular singer lyricist Kumar Suresh Das) । পৰৱৰ্তী সময়ত কুমাৰ সুৰেশ দাসৰ উক্ত গীতটোত জুবিন গাৰ্গেও কণ্ঠদান কৰিছিল । সম্প্ৰতি কণ্ঠশিল্পী গৰাকীৰ মৃতদেহ চৰাইদেউ জিলা চিকিৎসালয়ত ৰখা হৈছে (Popular singer Kumar Suresh Das news) ।

লগতে পঢ়ক : Wrong treatment by doctor: চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মহিলাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.