Protest at Boginodi: পথ মেৰামতিৰ দাবীত প্ৰতিবাদ ; নৱ দলেক মিছলীয়া বিধায়ক আখ্যা প্ৰতিবাদকাৰীৰ - Protest at Boginodi
🎬 Watch Now: Feature Video

লখিমপুৰ, 1 আগষ্ট: লখিমপুৰৰ জিলাৰ লালপানীৰ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ বিধায়ক নৱ দলেৰ ঢকুৱাখনা সমষ্টি আৰু সাংসদ প্ৰদান বৰুৱাৰ সংসদীয় সমষ্টিত জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ দীর্ঘদিন ৰাইজে যাতনা ভোগাৰ পাচত স্থানীয় বিধায়ক নৱ দলেক মিছলীয়া আখ্যা দি প্ৰতিবাদমুখৰ হৈ পৰে স্থানীয় ৰাইজ ৷ মঙলবাৰে হাতে হাতে প্লে’ কাৰ্ড লৈ পথ নিৰ্মানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে ৰাইজ ৷
উল্লেখ্য যে, বিগত সময়ছোৱাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লালপানী, উত্তৰ কুলাবালি, বোকানলা, চিয়াজুলী আদি প্ৰায় 20 খন গাঁৱৰ হৈ লখিমপুৰ নগৰলৈ যোৱা একমাত্ৰ সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ পূৰ্বতে স্হানীয় বিধায়ক নৱ দলেই পথটো মেৰামতি কৰিম বুলি কথা দিছিল এতিয়ালৈ কোনো কাণসাৰ নাই বিধায়কগৰাকীৰ ৷
যাৰ বাবে মঙলবাৰে নৱ দলে হায় হায়, নৱ দলে মিছলীয়া, প্ৰদান বৰুৱাৰ কাম নাই আদি শ্লোগানেৰে পথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: Unidentified Animal Disease: মৰাণৰ বিভিন্ন প্ৰান্তত অচিন ৰোগত আক্ৰান্ত শ শ গৰু-ছাগলী