thumbnail

Poor road condition : পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে তিনিচুকীয়াৰ দীঘলীপথাৰবাসীক

By

Published : May 1, 2023, 10:37 AM IST

Updated : May 1, 2023, 1:39 PM IST

তিনিচুকীয়া, ১ মে’ : পথ নে পথাৰ ধৰিবই নোৱাৰি ৷ যিফালে যোৱা যায়, সেই ফালেই গাঁতত সোমাই পথচাৰী ৷ উন্নয়নৰ শ্ল’গান দিয়া চৰকাৰৰ দিনত এতিয়া ঘাটে ঘাটে পানী খাব লগাত পৰিছে তিনিচুকীয়া জিলাৰ 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত গাঁৱৰ ৰাইজে ৷ অৱশ্যে এই অভিযোগ আমাৰ নহয় ৷ এই অভিযোগ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত গঞাৰহে (Poor road condition in Tinsukia) ৷

অভিযোগ অনুসৰি, তিনিচুকীয়া জিলাৰ 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ বাট-পথৰ দুৰৱস্থাই এতিয়া ত্ৰাহি মধূসুদন সুঁৱৰাইছে সাধাৰণ ৰাইজক ৷  মাৰ্ঘেৰিটা সমষ্টিৰ অধীনৰ কৈলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলিপথাৰত বাট-পথৰ দুৰৱস্থাৰ বাবে জমৰ-যাতনা ভোগ কৰিব লগা হৈছে গাঁৱবাসীয়ে ।

বিশেষকৈ কৈলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলীপথাৰ গাঁৱৰ মূল পথচোৱা একেবাৰে বিধস্ত হৈ আছে । পথৰ মাজত সৃষ্টি হৈছে বৃহৎ-বৃহৎ পুখুৰী সদৃশ গাঁতৰ ৷ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা ৰুগীয়া ব্যক্তিসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত বছৰ-বছৰ ধৰি গাঁৱবাসীয়ে ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ।

বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰাৰ স্বত্বেও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ফলত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ আগত বিধায়ক ভাস্কৰ শৰ্মা আৰু স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Poor Condition Road in Dhemaji : ধেমাজিৰ ৫নং ৱাৰ্ডৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক

Last Updated : May 1, 2023, 1:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.