Dilapidated road in Manikpur: উৰণীয়া সেঁতু নিৰ্মাণকাৰী সংস্থাৰ বাবে মাণিকপুৰত কৃত্ৰিম বান - Artificial Flood at Manikpur
🎬 Watch Now: Feature Video
মাণিকপুৰ, ১৭ জুন: বঙাইগাঁও জিলাৰ মাণিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উৰণীয়া সেঁতুৰ কামে জ্বলা কলা খুৱাইছে বৰবিলা গাঁওবাসীক । উৰণীয়া সেঁতু নিৰ্মাণকাৰী সংস্থাই বিসংগতিপূৰ্ণভাৱে কাম কৰাৰ ফলত ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হৈছে ।
যান-বাহনৰ চলাচলতো ব্য়াঘাত জন্মিছে । ঘাইপথৰ পূৱপাৰৰ বাসিন্দাসকলে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে । ছাৰ্ভিছ ৰোডৰ কাষেৰে পকী নলা বনোৱাৰ নামত পৰিকল্পনা বিহীনভাৱে মাটি খন্দাত পকী ঘৰৰ দেৱাল, বেৰ আদি খহি পৰাৰ উপক্ৰম হৈছে । ঘৰৰ পদুলিৰ আগেদি নলা নিৰ্মাণ কৰাত পদুলি মুখত একাঠু পানী জমা হৈ সৃষ্টি হৈছে কৃত্ৰিম বানৰ ।
ফলত গাঁওবাসীয়ে যমৰ যাতনা ভুগিবলগীয়া হোৱাত অনতি পলমে যাতায়তৰ বাবে সুচল কৰি দিবলৈ নিৰ্মাণ সংস্থাক দাবী জনাইছে । তদুপৰি গাঁওবাসীয়ে ইপাৰ-সিপাৰ কৰাৰ বাবে সুৰংগ পথ নিৰ্মাণ কৰিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে নিৰ্মাণ সংস্থাক দাবী জনাইছে ।