ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ উন্নয়ণৰ ধন উদৰস্থ কৰিলে কোনে ? - ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:40 PM IST

গোলাঘাট, ১২ ডিচেম্বৰ: কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে গোলাঘাট জিলাৰ ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আজি চৰণীয়া পথাৰলৈ পৰ্যবসিত হৈছে । অঞ্চলটোৰ আটাইবোৰ বিদ্যালয়ৰ বছেৰেকীয়া খেল-ধেমালী আদিকে ধৰি বিভিন্ন অনুষ্ঠান এই খেলপথাৰত অনুষ্ঠিত হয় । তদুপৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগতে ৰাজনৈতিক সভা-সমিতি অনুষ্ঠিত হৈছিল এই খেলপথাৰতে । বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে থিয়েটাৰ,চাৰ্কাছ আদি এই খেলপথাৰখনলৈ আমন্ত্ৰণ কৰি ৰাইজক আমোদ দিছিল । এতিয়া এইখন খেলপথাৰেই হৈ পৰিছে এৰাবাৰী ।

অসমৰ আগশাৰীৰ ফুটবল খেল ৰাইজে ইয়াতেই উপভোগ কৰিছিল । মলখুকুৰি বয়জ ক্লাব,ঢেকীয়াল ক্ৰীড়া সন্থা,নাহৰনী বয়জ ক্লাব,পুলিচ ট্ৰেইনিং কলেজ আদি ফুটবল দলৰ দপদপনি এই খেলপথাৰত দেখা গৈছিল । বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ আবেগ অনুভূতি জড়িত এই ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এতিয়া ঘাঁহৰ পথাৰ, সাপৰ বাসস্থান, কেঁচু মতাৰ দ'মে ভৰি পৰিছে । কাৰ ভুলৰ বাবে আজি খেলপথাৰখনৰ এই অৱস্থা হৈছে তাক লৈ ৰাইজৰ মাজত হৈছে চৰ্চা ।  

চৰকাৰৰ ঘৰৰ পৰা বিশ লাখৰো অধিক অনুদান লাভ কৰা খেলপথাৰখনৰ পুঁজিৰ ব্যৱহাৰকলৈও আজি সচেতন মহলৰ মাজত সন্দেহ ঘণীভূত হয় । কাৰ ষড়যন্ত্ৰৰ কাৰণে এনেদৰে পৰিত্যক্ত হৈ থাকিব লগীয়া হৈছে এই খেলপথাৰখন ।

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যজুৰি NESO ৰ ক’লা দিৱস পালন 

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.