জৰাজীৰ্ণ বাঁহৰ দলেঙৰ বাবে যমৰ যাতনা ৰাইজৰ, কাণসাৰ নাই জনপ্ৰতিনিধিৰ

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 5:09 PM IST

thumbnail

ওদালগুৰি, 18 নৱেম্বৰ : এখন বাঁহৰ দলঙৰ বাবে যমৰ যাতনা ভুগিব লগা হৈছে গাঁৱৰ ৰাইজে ৷ এফালে উন্নয়নৰ ঢাক ঢোল বজাই আছে চৰকাৰে ৷ আনফালে আকৌ দলঙৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৰাইজে ৷ উক্ত দলঙখন আছে কলাইগাঁ‌ও চহৰৰ পৰা ওদালগুৰিৰ সদৰলৈ যোৱা পথৰ বুটিয়ামাৰি অঞ্চলত ৷

উল্লেখ্য যে, ওদালগুৰি জিলাৰ কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ অন্তৰ্গত বুটিয়ামাৰি অঞ্চলত থকা পকী দলঙখন দুবছৰৰ পূৰ্বে বানে উটুৱাই নিছিল ৷ তাৰ পিচতে ৰাইজৰ দ্বাৰা নিজাকৈ সাজি উলিওৱা হৈছিল বাঁহৰ দলং ৷  কিন্তু শ শ লোকে যাতায়ত কৰা পথটোত থকা বাহৰ দলঙখন জৰাজীৰ্ণ হৈ পৰিছে ৷ সেয়ে অতি বিপদসংকুলভাৱে পথচাৰীয়ে পাৰ কৰিব লাগে দলঙখন ৷ ইফালে দলং নিৰ্মাণৰ বাবে বিধায়ক দুৰ্গাদাস বড়ো, বিটিচি পৰিষদৰ ই এম দিগন্ত বৰুৱাৰ লগতে সাংসদ দিলীপ শইকীয়াকো অৱগত কৰা হৈছে যদিও আজিলৈকে কোনো সুফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ 

লগতে পঢ়ক:White revolution: দুগ্ধ উৎপাদনেৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা ৰামলাল মাহাতোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.