Cattle Syndicate: ৰাণীগঞ্জত গৰু বেপাৰীলৈ আৰক্ষীৰ গুলী; টম টমত গৰু সৰবৰাহৰ চেষ্টা - অবৈধভাৱে গৰু সৰবৰাহ
🎬 Watch Now: Feature Video


Published : Sep 6, 2023, 10:25 AM IST
বিলাসীপাৰা, 6 ছেপ্টেম্বৰ: আকৌ গৰজিল অসম আৰক্ষীৰ মাৰণাস্ত্ৰ । এইবাৰ স্থান বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ ৰাণীগঞ্জত । উল্লেখ্য যে, ৰাণীগঞ্জ উপ আৰক্ষী চকীৰ অন্তৰ্গত স্থানত দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি ন ন কৌশলেৰে চোৰাং ব্যৱসায়ীয়ে গৰু সৰবৰাহ কৰি আহিছে । মঙলবাৰে এখন ই-ৰিক্সাত অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ সময়তে ৰাণীগঞ্জ আৰক্ষীয়ে এই খবৰ লাভ কৰে আৰু সৰবৰাহকাৰীটোক কৰায়ত্ত কৰিবলৈ অভিযান চলায় ।
সৰবৰাহকাৰীটোক কৰায়ত্ত কৰাৰ পিচতে আৰক্ষীৰ বেহু ফালি সৰবৰাহকাৰীটোৱে পলাবলৈ চেষ্টা কৰে । এনে অৱস্থাত সৰবৰাহকাৰীটোক আটক কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ এক জাঁই গুলীচালনা কৰে বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে । ইয়াৰ পিচতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীটোক । ধৃত সৰবৰাহকাৰীটোৰ নাম চাইফুল ইছলাম বুলি জানিব পৰা গৈছে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা চাইফুলক ।
লগতে পঢ়ক: Dhubri ASTC : ASTC ৰ মাটি বণিক গোষ্ঠীক গটোৱাৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ