৫৫ লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰিসহ কাৰ্বি আংলঙত আটক দুই সৰবৰাহকাৰী - Dilai Burmese supari
🎬 Watch Now: Feature Video
Published : Dec 20, 2023, 5:15 PM IST
ডিফু, ২০ ডিচেম্বৰ : অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ মাজেৰে অব্যাহত আছে অবৈধ বাৰ্মিজ চুপাৰিৰ সৰবৰাহ ৷ নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ অব্যাহত থকা সীমান্ত অঞ্চলটোত অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷
প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে পুৱা প্ৰায় ৯ মান বজাত ডিলাই আৰক্ষীয়ে ডিলাইত নিয়মীয়া তালাচী চলাই থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুজন পৰিমানৰ অবৈধ বাৰ্মিজ চুপাৰি (Burmese supari in karbi anglong) ৷
AS25 EC 2165 পঞ্জীয়ন নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে বাৰ্মিজ চুপাৰিখিনি ৷ চুপাৰিখিনিৰ ওজন প্ৰায় ৫০ কুইণ্টল আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ সৰবৰাহকাৰীয়ে ট্ৰাকখনত গোপন চেম্বাৰ সাজি অবৈধ বাৰ্মিজ চুপাৰিখিনি সৰবৰাহ কৰাৰ অপচেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে ৷
আৰক্ষীয়ে চুপাৰিখিনি জব্দ কৰি মৰিগাঁও জিলাৰ ভূৰাগাঁও থানা এলেকাৰ ছাদ্দাম হুছেইন আৰু ৰুবুল আমিনক মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: নগাঁৱত কুৰিয়াৰ সেৱাৰে ড্ৰাগছ সৰবৰাহ