Accident in Majuli: সুৰাপায়ী চালকৰ বাবে মাজুলীত পুনৰ দুৰ্ঘটনাগ্ৰস্ত আৰক্ষীৰ বাহন - মাজুলীৰ উপ আৰক্ষী অধীক্ষক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-06-2023/640-480-18854520-thumbnail-16x9-hy.jpg)
মাজুলী, 27 জুন : মাজুলীত পুনৰ প্ৰশাসনৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত । মাজুলীৰ ঢেকীয়াজুলীত উপ-আৰক্ষী অধীক্ষকৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিলে এজোপা গছত । বাহনখন বিজু কামান নামৰ চালকজনে চলাইছিল বুলি জানিবলৈ পৰা গৈছে । সুৰা সেৱন কৰি বিজু কামানে বাহনখন চলাইছিল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বাহনখন তীব্ৰগতিত আছিল বুলিও উল্লেখ কৰিছে প্ৰত্যক্ষদৰ্শী লোকে ৷
সোমবাৰৰ নিশা 10 মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । অৱশ্যে দুৰ্ঘটনাটোৰ ফলত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও বাহনখনৰ আগভাগ সম্পূৰ্ণ ৰূপে ভাগি যোৱা পৰিলক্ষিত হৈছে । উললেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা সময়ত গাড়ীখনত নাছিল উপ-আৰক্ষী অধীক্ষকগৰাকী । বাহনখন মাজুলীৰ উপ-আৰক্ষী অধীক্ষক পদ্ম পেগুৰ আছিল বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Assam flood: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি; প্ৰথমটো বানত মৃত্যু 5 জনৰ
TAGGED:
মাজুলীৰ উপ আৰক্ষী অধীক্ষক