Drugs Seized : কঠিয়াতলীৰ ৰেংবেঙত ড্ৰাগছসহ আটক দুটা সৰবৰাহকাৰী - ড্ৰাগছ বিৰোধী অভিযান
🎬 Watch Now: Feature Video


Published : Nov 13, 2023, 9:23 PM IST
বঢ়হমপুৰ, 13 নৱেম্বৰ : ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ সোমবাৰে কঠীয়াতলী আৰক্ষীয়ে কঠিয়াতলী ৰেংবেঙত চলায় এক ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গণেশ ধাবাৰ পৰা আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰী দুটা কাৰ্বি আংলঙৰ পাপু দাস আৰু বুদ্ধিমান তামাং বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
ড্ৰাগছ সৰবৰাহকাৰী দুটাই ব্যৱহাৰ কৰা AS 02 AN 0787 নম্বৰৰ গাড়ীখনত চাবোনৰ বাকচত ভৰাই অনা 20 পেকেট ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে ধৃত সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : Anti Drugs operation: লংকাত হেৰ’ইন ভৰ্তি কণ্টেইনাৰসহ আটক দুই সৰবৰাহকাৰী