Drive against Drugs:অধঃপতনে গৈছে নেকি যুৱচাম ?
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 1 নৱেম্বৰ : ঠিক জুবিনৰ গানটোৰ দৰেই, ‘কি হ’ব এই জীৱন তুমি (ড্ৰাগছ) নহ’লে’, যেন তেনেকুৱাই হৈছেগৈ এতিয়া ৷ দিনে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সেৱনকাৰী অথবা সৰবৰাহকাৰী ৷ কিন্তু হ’লেও কমা এই ড্ৰাগছৰ বেহা ৷ নিত্য নতুন কৌশলেৰে অসাধু চক্ৰই অব্যাহত ৰাখিছে ড্ৰাগছৰ বিশাল বজাৰখনৰ কাৰবাৰ ৷
ৰাজ্যৰ আন আন ঠাইৰ লগতে ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ ডিব্ৰুগড় আৰক্ষী কঠোৰ হৈছে যদিও জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ চলিয়ে আছে । ডিব্ৰুগড়ৰ প্ৰতিটো প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতেই নিশা লাহোৱালত ড্ৰাগছসহ দুজন যুৱকক আটক কৰিলে আৰক্ষীয়ে । লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষীনন্দন দলেৰ নেতৃত্বত অভিযান চলাই লাহোৱাল ৰে’ল গেটৰ সমীপত গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।
আটকাধীন ধৃত যুৱক দুজনৰ পৰা ৪ গ্ৰাম ড্ৰাগছ, দুটা ম’বাইল ফোন আৰু ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ঘোঁৰামৰা হাবিচুক গাঁৱত বিকাশ কোঁৱৰ (২৬) আৰু টেঙাখাত ধৰীয়া দীঘলীয়াৰ লক্ষ্যজিৎ গগৈ (২৮) দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰাৰ লগতে সৰবৰাহত জড়িত হৈ আছিল । দুই ড্ৰাগছ সৰবৰাহকাৰীক লাহোৱাল আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : Operation against Drugs:ডবকা আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী