thumbnail

By

Published : Apr 29, 2023, 6:31 PM IST

ETV Bharat / Videos

Illegal taxi stand: এগৰাকী যান বাহন আৰক্ষী বিষয়াৰ মইমতালিৰ বাবে বিপাঙত পৰিছে মঙলদৈ চহৰৰ টেক্সী চালক

মঙলদৈ, 29 এপ্ৰিল: ৰাজ্যজুৰি বিভিন্ন সামগ্ৰীৰ ছিণ্ডিকেটে সঘনাই বাতৰিৰি শিৰোনাম দখল কৰি থকাৰ সময়তে এই মঙলদৈত খোদ আৰক্ষীয়ে ছিণ্ডিকেট ৰাজ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ মঙলদৈ চহৰৰ মাজমজিয়াতে অৱস্থিত ড৹ ভূপেন হাজৰিকা উদ্যানৰ সন্মুখত একাংশ সৰু মটৰ গাড়ীয়ে অবৈধভাৱে পাৰ্কিং কৰি আহিছে (Police accused of collecting bribe)। যাৰ বাবে চহৰখনত সৃষ্টি হৈ আহিছে ব্যাপক যান-জঁটৰ (Illegal taxi stand) ৷ এই যান-জঁট ৰোধ কৰিবৰ বাবে মঙলদৈ সৰু মটৰ গাড়ী মালিক সন্থাই প্ৰথমে যান-বাহন শাখাত অভিযোগ দিয়ে ৷  

কিন্তু এই অভিযোগৰ গইনা লৈ অবৈধ পাৰ্কিং বন্ধ কৰাৰ বিপৰীতে অবৈধভাৱে ৰখা গাড়ীসমূহৰ পৰা যান বাহন আৰক্ষী বিষয়া মৃত্যুঞ্জয় শইকীয়াসহ ট্ৰেফিক আৰক্ষী মিছকেল আহমেদে দৈনিক টকা সংগ্ৰহ কৰা কাৰ্যত হে লিপ্ত হয় বুলি অভিযোগ তুলিছে । দৈনিক প্ৰায় এশৰ পৰা ডেৰশ পৰ্যন্ত গাড়ীৰ পৰা 40 টকাকৈ মাহত লাখৰ ঘৰত টকা সংগ্ৰহ কৰে বুলি অভিযোগ উত্থাপন কৰিছে সৰু মটৰ গাড়ীৰ মালিক সন্থাই ।

উল্লেখ্য যে, 2018 চনৰ 15 আগষ্টত যাত্ৰীসকলৰ সুবিধাৰ্থে 11 খন গ্ৰীণ টেক্সি চহৰৰ ভিতৰত চলাচল কৰাৰ বাবে মুকলি কৰা হৈছিল । কেৱল সেই টেক্সিসমূহহে ড৹ ভূপেন হাজৰিকা উদ্যানত পাৰ্কিং (Dr Bhupen Hazarika Park) কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল ৷ কিন্তু ইয়াৰ পিচতে একাংশ মটৰ গাড়ীয়ে এনেদৰে পাৰ্কিং ষ্টেণ্ডটোত অবৈধভাৱে গাড়ী পাৰ্কিং কৰা ঘটনাৰ অচিলা লৈ আৰক্ষীয়ে ধন ঘটাৰ উৎস হিচাপে ব্যৱহাৰ কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে সৰু মটৰ গাড়ী মালিক সন্থাই ৷ 

লগতে পঢ়ক: Torture For Dowry: যৌতুকৰ বাবেই চিলাপথাৰৰ বোৱাৰীক গছত বান্ধি নিৰ্মম অত্যাচাৰ কৰাৰ অভিযোগ

ইফালে ট্ৰেফিক বিষয়া মৃত্যুঞ্জয় শইকীয়াৰ বিৰুদ্ধে সৰু মটৰ মালিক সন্থাৰ সভাপতি আব্দুল ৰেজ্জাকে (হবি) দৰঙৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অভিযোগ দিয়াৰ পিচত গ্ৰীণ টেক্সি সমূহৰো পাৰ্কিং বন্ধ কৰি দিয়ে ট্ৰেফিক বিষয়াগৰাকীয়ে । ট্ৰেফিক বিষয়াগৰাকীৰ নিজ স্বাৰ্থ সিদ্ধি নোহোৱাৰ ফলত গ্ৰীণ টেক্সিৰ বৈধ পাৰ্কিং বন্ধ কৰি দিয়াত এতিয়া সমস্যাত পৰিছে চহৰৰ মাজত চলা গ্ৰীণ টেক্সিসমূহ । পাৰ্কিং কৰিবলৈ ষ্টেণ্ড নাই এইসকল গ্ৰীণ টেক্সিৰ চালকসমূহৰ ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.