Redevelopment of Bongaigaon Railway Station: নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ পুনৰ্বিকাশৰ কাম শুভাৰম্ভ - ৰে’লৱে ষ্টেচনত আধাৰ আধাৰশিলা স্থাপন
🎬 Watch Now: Feature Video

বঙাইগাঁও, 7 আগষ্ট : দেওবাৰে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ষ্টেচন পুনৰ্বিকাশৰ কাম শুভাৰম্ভ কৰা হয় ৷ দেওবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ষ্টেচন পুনৰ্বিকাশৰ কাম শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
এই শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যসভা সাংসদ ৰণগৌৰা নাৰ্জাৰী লগতে নিউ বঙাইগাঁও ৰে’লৱে Workshop ৰ chief workshop manager কিষাণ সিং, বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠক, বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত ফিৰোজ আলম শেখৰ লগতে বহু কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে 508 টা ৰে’লৱে ষ্টেচনৰ পুনৰ্বিকাশৰ কাম শুভাৰম্ভ কৰে ৷ তাৰ পিচতে ৰাজ্যসভা সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত আধাৰ আধাৰশিলা স্থাপন কৰা হয় ৷ উল্লেখ যে, অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ 32 টা ৰে’লৱে ষ্টেচনৰ লগতে সমগ্ৰ দেশতে 508 টা ৰে’ল ষ্টেচনৰ পুনৰ্বিকাশৰ কাম শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।