হায়দৰাবাদ: বিশ্বৰ প্ৰথমটো ট্ৰাইফল্ড বা থ্ৰীফল্ড ফোন হিচাপে মুকলি কৰা হৈছে Mate XT ৷ এই হেণ্ডছেটটো যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত চীনত মুকলি কৰা হৈছিল যদিও এতিয়া এই হেণ্ডছেটটো বিশ্ব বজাৰত উপলব্ধ হৈছে । যিহেতু ইয়াৰ ট্ৰাইফল্ডিং ডিজাইন আছে, গতিকে ব্যৱহাৰকাৰীয়ে লাভ কৰিব 10.2 ইঞ্চিৰ 3K অ’এলইডি ডিছপ্লে । কোম্পানীটোৱে কয় যে পৰম্পৰাগত ফল্ডিং ৰেজিষ্টেন্সৰ তুলনাত ইয়াৰ ফল্ডিং ৰেজিষ্টেন্স 25% বৃদ্ধি পাইছে ।
Huawei Mate XT: মূল্য আৰু উপলব্ধতা
What a day at #HuaweiLaunch! Amazing vibes, great connections, and a closer look at the latest innovations. Which one’s your favourite? #HUAWEIMateXT #HUAWEIMatePad Pro 13.2" #HUAWEIFreeArc #HUAWEIBand10 pic.twitter.com/HkqDTJHjMZ
— Huawei Mobile (@HuaweiMobile) February 18, 2025
- ইউৰোপত হুৱেই মেট এক্সটিৰ মূল্য 16 GB + 1 TB মডেলৰ বাবে 3499 ইউৰো (প্ৰায় 3,17,900 ₹)।
- মালয়েছিয়াত একেটা কনফিগাৰেচনৰ মূল্য 14,999 আৰ এম (প্ৰায় 2,93,500 ₹) ।
- বৰ্তমান এই ভাঁজ কৰিব পৰা স্মাৰ্টফোনটো কেৱল মালয়েছিয়াতহে ক্ৰয়ৰ বাবে উপলব্ধ । তাত থকা বাসিন্দাসকলে কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব ।
- ছৌদি আৰব, মেক্সিকো, ফিলিপাইনছ, ইউ এ ইকে ধৰি অন্যান্য বজাৰতো এই ফোনটো ক্ৰয় কৰিব পৰা যায় ।
- হুৱেই ফল্ডেবল দুটা ৰঙৰ বিকল্পত উপলব্ধ: ক’লা আৰু ৰঙা ।
Huawei Mate XT: স্পেচিফিকেশন
- ডিছপ্লে: এই ফোনত 2232x1008 পিক্সেল ৰিজ’লিউচনৰ সৈতে 6.4 ইঞ্চিৰ একক স্ক্ৰীণ, 7.9 ইঞ্চি 2k ডুৱেল ডিছপ্লে আছে । যদি আপুনি সম্পূৰ্ণ স্ক্ৰীণখন খোলে তেন্তে আপুনি এখন বৃহৎ 10.2 ইঞ্চিৰ 3K OLED স্ক্ৰীণ পাব । ইয়াৰ উপৰিও ই 90Hz ৰিফ্ৰেছ ৰেট, 1440Hz হাই-ফ্ৰিকুৱেন্সি PWM ডিমিং আৰু 240Hz টাচ্চ চেম্পলিং ৰেট লাভ কৰিব ।
- একক পৰ্দা 6.4 ইঞ্চি (2232 x 1008 পিক্সেল): 73.5 মিমি বহল, 12.8 মিমি ডাঠ
- ডুৱেল স্ক্ৰীণ 7.9 ইঞ্চি (2232 x 2048 পিক্সেল): 143.0 মিমি বহল, 7.45/4.75 মিমি ডাঠ
- তিনি-পৰ্দা 10.2 ইঞ্চি (2232 x 3184 পিক্সেল): 219.0 মিমি বহল, 3.6/3.6/4.75 মিমি ডাঠ
- প্ৰচেছৰ: চিপছেটৰ সবিশেষ প্ৰকাশ কৰা হোৱা নাই যদিও ইয়াৰ সৈতে এটা অক্টা-কোৰ SoC আহিব ।
- মেম’ৰী: এই ফোনটো বিশ্বব্যাপী বজাৰত 16 GB ৰেম আৰু 1TB ষ্ট’ৰেজ ভেৰিয়েন্টৰ সৈতে উপলব্ধ ।
অপাৰেটিং ছিস্টেম: EMUI 14.2
- কেমেৰা: 50 MP অ’আইএছ মেইন কেমেৰা, 12MP আল্ট্ৰা-ৱাইড এংগেল লেন্স আৰু 12 MP 5.5x পেৰিস্কোপ টেলিফ’টো লেন্স । ইয়াত ছেলফিৰ বাবে থাকিব 8MP লেন্স ।
- বেটাৰী: 5,600mAh বেটাৰী যিয়ে 66W দ্ৰুত তাঁৰযুক্ত চাৰ্জিং আৰু 50W বেতাঁৰ চাৰ্জিং সমৰ্থিত ।
- সংযোগ: 5G, 8G, ৱাই-ফাই 802.11, ব্লুটুথ 5.2 এল ই, জিপিএছ, এনএফচি আৰু ইউএছবি 3.1 টাইপ-চি প’ৰ্ট ।
লগতে পঢ়ক