লখিমপুৰ খেৰী: উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ওয়াল গাঁৱত থকা 'মেন্ধক মন্দিৰ' হৈছে ভাৰতৰ অতি অনন্য আৰু ৰহস্যময়ী ধৰ্মীয় স্থানবোৰৰ ভিতৰত অন্যতম । এই মন্দিৰটোত ভগৱান শিৱৰ পূজা অৰ্চনা কৰা হয় আৰু ইয়াৰ আকৰ্ষণীয় ডিজাইন, স্থাপত্য আৰু আধ্যাত্মিক গুৰুত্বৰ বাবে ই যথেষ্ট ব্যতিক্ৰম । এই মন্দিৰটোক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে ইয়াৰ নিৰ্মাণশৈলীয়ে । কিয়নো এটা বিশাল ভেকুলীৰ মূৰ্তিৰ ওপৰত আছে মন্দিৰটো ।
ইতিহাস আৰু তাৎপৰ্য
'মেন্ধক মন্দিৰ' প্ৰায় ২০০ বছৰ পুৰণি, যাৰ এক গুৰুত্বপূৰ্ণ ইতিহাস আছে । ওয়ালৰ শাসকসকলে ইয়াক নিৰ্মাণ কৰিছিল । জনবিশ্বাস অনুসৰি মন্দিৰটো প্ৰাকৃতিক দুৰ্যোগ, বিশেষকৈ খৰাং আৰু বানৰ পৰা অঞ্চলটোক সুৰক্ষিত কৰিবলৈ নিৰ্মাণ কৰা হৈছিল । শাসকসকল ভগৱান শিৱৰ মহান ভক্ত আছিল আৰু মন্দিৰৰ ডিজাইন বা নক্সা কপিলাৰ এজন প্ৰখ্যাত তান্ত্ৰিকে কৰিছিল বুলি জনা যায় ।
এই নক্সাটো মাণ্ডুক তন্ত্ৰৰ ওপৰত আধাৰিত যি এক প্ৰাচীন আধ্যাত্মিক প্ৰথা য'ত ভেকুলীৰ প্ৰতীকবাদ অন্তৰ্ভুক্ত কৰা হৈছে, যাক সুৰক্ষা আৰু উৰ্বৰতাৰ সৈতে সম্পৰ্কিত বুলি বিশ্বাস কৰা হয় । মন্দিৰটো তন্ত্ৰ-মন্ত্ৰভিত্তিক স্থাপত্যৰ এক আকৰ্ষণীয় উদাহৰণ, যিটো ইয়াৰ মুখ্য দুৱাৰখনতে স্পষ্ট । সূৰ্যোদয়ৰ সময়ত সূৰ্যৰ ৰশ্মি ইয়াৰ পূৱ দুৱাৰত পৰে । আনহাতে দক্ষিণৰ দুৱাৰখনেৰে ভক্তসকল প্ৰৱেশ কৰে । মন্দিৰৰ স্থাপত্যকলা দেৱ-দেৱীৰ জটিল কাৰুকাৰ্যৰে সজোৱা হৈছে, যিয়ে এই মন্দিৰটোক ৰহস্যময় আৰু আচৰিত কৰি তুলিছে ।
আশ্চৰ্যজনক স্থাপত্য
মন্দিৰৰ আটাইতকৈ মনোমোহা বৈশিষ্ট্যবোৰৰ ভিতৰত এটা হ'ল ইয়াৰ আধাৰত থকা বিশাল ভেকুলীৰ মূৰ্তি । মন্দিৰৰ গাঁথনিটো পোনপটীয়াকৈ এই ভেকুলীৰ মূৰ্তিটোৰ ওপৰতে নিৰ্মাণ কৰা হৈছে । উল্লেখ্য যে ভেকুলী হিন্দু পৌৰাণিক কাহিনীত ৰক্ষকৰ ভূমিকাৰ প্ৰতীক । এই বিশাল ভেকুলীৰ মূৰ্তিটোৰ উপস্থিতিয়ে মন্দিৰটোক ইয়াৰ সুকীয়া নাম দিছে আৰু দূৰ-দূৰণিৰ দৰ্শনাৰ্থীসকলক আকৰ্ষণ কৰিছে । মন্দিৰৰ আন এটা আকৰ্ষণীয় দিশ হৈছে ইয়াৰ শিৱলিংগ আৰু ভগৱান শিৱৰ মূৰ্তি, যিয়ে দিনত তিনিবাৰকৈ ৰং সলনি কৰে বুলি কোৱা হয় । এই অস্বাভাৱিক ঘটনাটোক ভক্তসকলে এক ঐশ্বৰিক অলৌকিক ঘটনা হিচাপে গণ্য কৰে আৰু এই ঘটনা প্ৰত্যক্ষ কৰিবলৈ লোকসকল একত্ৰিত হয় । ভাৰতৰ ভিতৰতে এনে ৰহস্যময়ী শিৱলিংগ মাত্ৰ কেইটামানহে আছে ।
নন্দী আৰু অন্যান্য অনন্য বৈশিষ্ট্যসমূহ
বেছিভাগ শিৱ মন্দিৰতে সন্মুখত ভগৱান নন্দীৰ বহি থকা মূৰ্তি থাকে । অৱশ্যে, এই মন্দিৰত নন্দীক থিয় হৈ থকা ভংগীত ৰখা হৈছে । ইয়াৰ দ্বাৰা ভেকুলী মন্দিৰক পৃথিৱীৰ একমাত্ৰ জ্ঞাত শিৱ মন্দিৰ হিচাপে পৰিগণিত কৰিছে য'ত নন্দী বহি থকা নাই । এই স্বকীয় বৈশিষ্ট্যটোৱে মন্দিৰৰ স্বকীয়তা আৰু আধ্যাত্মিক তাৎপৰ্য বৃদ্ধি কৰে । ইয়াৰ উপৰিও মন্দিৰত এটা কুঁৱা আছে, যাৰ এক অস্বাভাৱিক বৈশিষ্ট্য আছে । কুঁৱাটোৰ পানীৰ স্তৰ ধাৰাবাহিকভাৱে মাটিৰ স্তৰৰ ওপৰতে থাকে । যিয়ে মন্দিৰৰ ৰহস্য বৃদ্ধি কৰে । নটৰাজৰ মূৰ্তি আৰু মন্দিৰৰ ওপৰত থকা চক্ৰটোৱেও দৰ্শনাৰ্থীসকলক আচৰিত কৰি তোলে । বিশ্বাস অনুসৰি সূৰ্যই দিশ সলনি কৰাৰ লগে লগে নটৰাজৰ মূৰ্তি আৰু চক্ৰ দুয়োটাই ঘূৰে । যি সৃষ্টি আৰু ধ্বংসৰ মহাজাগতিক চক্ৰৰ প্ৰতীক ।
উৎসৱ আৰু বিশ্বাস
মেন্ধক মন্দিৰত বিশেষকৈ দীপাৱলী আৰু মহা শিৱৰাত্ৰিৰ দৰে মুখ্য হিন্দু উৎসৱৰ সময়ত হাজাৰ হাজাৰ ভক্তৰ আগমন হয় । এনে উৎসৱৰ সময়ত ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰি বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে । ভক্তসকলে বিশ্বাস কৰে যে এই মন্দিৰত পূজা আগবঢ়ালে মনৰ ইচ্ছা পূৰণ হয় আৰু বিশেষ আধ্যাত্মিক লাভালাভো আছে । গাঁৱৰ বাসিন্দা শৰদ গুপ্তাই কয় যে মন্দিৰটো ৰাজা বি এন ডি সিঙে পৰিচালনা কৰে, যি মন্দিৰৰ কাম-কাজ তত্বাৱধান কৰে । তেওঁ থিয় হৈ থকা নন্দীৰ স্বকীয়তা আৰু শিৱলিংগৰ ৰং পৰিৱৰ্তনৰ দৰে পৰিঘটনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । যাৰ বাবে প্ৰতি বছৰে দৰ্শনাৰ্থীসকলে মন্দিৰত ভিৰ কৰে ।
মন্দিৰলৈ কেনেকৈ যাব ?
মন্দিৰটো উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্নৌৰ পৰা প্ৰায় ১৩৫ কিলোমিটাৰ দূৰত অৱস্থিত । তালৈ যাবলৈ প্ৰথমে লখিমপুৰ খেৰীলৈ যাত্ৰা কৰিব পাৰে । তাৰ পৰা ওয়াল মাত্ৰ ১১ কিলোমিটাৰ দূৰত আৰু বাছ বা টেক্সি বা অটোৰ জৰিয়তে সহজে তালৈ যাব পাৰি । নিকটতম বিমানবন্দৰ আৰু ৰে'ল ষ্টেচন দুয়োটা লক্ষ্নৌতে আছে, যাৰ বাবে ভ্ৰমণকাৰীসকলৰ বাবে সুবিধা হয় ।