Amrit Bharat Station Scheme: প্ৰধানমন্ত্ৰীয়ে ভাৰ্ছুৱেলি আধাৰশিলা স্থাপন কৰিলে সৰুপথাৰ আদৰ্শ ৰে'ল ষ্টেচনৰ - প্ৰধানমন্ত্ৰীয়ে ভাৰ্ছুৱেলি আধাৰশিলা স্থাপন কৰিলে
🎬 Watch Now: Feature Video
সৰুপথাৰ, ৬ আগষ্ট: আজি সৰুপথাৰবাসীৰ বাবে গৌৰৱৰ দিন । স্বাধীনতা সংগ্ৰামৰ অমৰ ছহিদ কুশল কোঁৱৰৰ স্মৃতি বিজৰিত সৰুপথাৰ ৰে'ল ষ্টেচনটো বিশ্বমানৰ এটা আদৰ্শ ষ্টেচনলৈ উন্নিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত দেওবাৰে দিনৰ ১১ বজাত ভাৰ্ছুৱেলি আধাৰশিলা স্থাপন কৰে । দেশৰ ৫০৮টা ৰেলৱে ষ্টেচনৰ ভিতৰত সৰুপথাৰ ৰে'লৱে ষ্টেচনটোও অন্যতম । অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ ৩২ টা ৰে'লৱে ষ্টেচন পুনৰ উন্নীতকৰণ কৰা হ'ব ।
সকলো ধৰণৰ লোকৰ বাবে সুবিধা আৰু উপযোগীকৈ নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক ৰে'ল ষ্টেচনটোত বৃদ্ধৰ পৰা দিব্যাংগলৈকে সকলো লোক অহা যোৱা কৰিবলৈ সা-সুবিধা উপলব্ধ হ'ব। দেওবাৰৰ এই শুভ অনুষ্ঠানত সৰুপথাৰত সহশ্ৰাধিক লোকে শুভক্ষণৰ সাক্ষী হয় । আধাৰশিলা মুকলি অনুষ্ঠানত সৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকন, জিলা আয়ুক্ত উদয় প্ৰবীন, আৰক্ষী অধীক্ষক পুস্কিন জৈন, ধনশিৰিৰ মহকুমাধিপতি দিনছেংফা বৰুৱা উপস্থিত থাকে ।
লগতে পঢ়ক:Story of Blind businessman: দৃষ্টিহীন ব্যৱসায়ী মানিক দেৱনাথৰ জীৱন কাহিনীৰে...