World Panja Competition 2023: বিশ্ব পাঞ্জা প্ৰতিযোগিতালৈ যাত্ৰা ডিব্ৰুগড়ৰ ৪ খেলুৱৈৰ - World Panja Competition inMalaysia
🎬 Watch Now: Feature Video
Published : Sep 24, 2023, 8:45 PM IST
মৰাণ, ২৪ ছেপ্টেম্বৰ: মালয়েছিয়াত অহা ২৬ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বিশ্ব পাঞ্জা প্ৰতিযোগিতা । এই বিশ্ব পাঞ্জা প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা ডিব্ৰুগড়ৰ চাৰিগৰাকী খেলুৱৈ আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা মালেয়েছিয়ালৈ ৰাওনা হৈছে । এই দলটোত আছে অনুপ ৰাজকোঁৱৰ, মৃন্ময় তালুকদাৰ, অমিত চৌধুৰী আৰু মনোজ দেৱনাথ । ইয়াৰে মনোজ দেৱনাথ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ ।
অসমৰ ২৫ গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে আন্তঃৰাষ্ট্ৰীয় এই প্ৰতিযোগিতালৈ । ইয়াৰে ৮ গৰাকী মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বিশ্ব পাঞ্জা প্ৰতিযোগিতাত । ৫০ খন দেশৰ প্ৰায় ৭০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত । দলটোত ভাৰতৰ খেলুৱৈ থাকিব প্ৰায় ৫০গৰাকী খেলুৱৈ ।
লগতে পঢ়ক:575th Birth anniversary of Sankardev: চিমেন চাপৰিৰ বৰনামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ আৰম্ভ