Congress vs BJP: পীযুষ হাজৰীকাৰ সৈতে কি গোপন সম্পৰ্ক আছে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ ! - assam state BJP office controversy
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-09-2023/640-480-19406145-thumbnail-16x9-hj.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 1, 2023, 2:15 PM IST
ডিব্ৰুগড়, 1 ছেপ্তেম্বৰ: "কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই মোৰ ঘৰৰ ভিতৰলৈ আহে, মোৰ পৰা কিবাকিবি লৈ থাকে" শুকুৰবাৰে এই তাৎপৰ্যপূৰ্ণ বক্তব্য সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা শেহতীয়া মন্তব্য সন্দৰ্ভত আগবঢ়ায় প্ৰতিক্ৰিয়াৰ ।
কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাজ্যত ছিণ্ডিকেট চলিয়েই থাকিব বুলি কোৱা প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "কমলাক্ষ দে’ পুৰকায়স্থৰ কথা বেছি নকওঁ তেওঁৰ অতীতটো অতি বেয়া । সেই কথা মই কৈ দিলে মানুহে নাক কোঁচাই 'থু' পেলাই দিব । তেনেকুৱা ব্যক্তিৰ কথাৰ উত্তৰ দিব নিবিছাৰো ।"
আনহাতে বিজেপিৰ বাজপেয়ী ভৱনক লৈ কংগ্ৰেছ সভাপতি ভূপেন বৰাই কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ দিল্লীত দুটা ঘৰ আছে আৰু বহু কংগ্ৰেছ নেতাৰ ঘৰ আছে । বিজেপিয়ে কেৱল দলীয় কাৰ্যালয়টো নিৰ্মাণ কৰাৰ বিষয়টোত কংগ্ৰেছে হিংসা কৰে ।’’
ইয়াৰ পিচতে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই হাজৰীকাৰ ঘৰলৈ আহি কিবা কিবি লৈ থাকে বুলি চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায় ৷ যি কথাই বিশেষ ইংগিত বহন কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক: Ajp slams state BJP president: ভৱেশ কলিতাক অস্তিত্বহীন সজালে দুলু আহমেদে