Erosion in Dibrugarh: ডিব্ৰুগড়ৰ খহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাস পীযুষ হাজৰীকাৰ - খহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাস পীযুষ হাজৰীকাৰ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,৭ জুলাই: বাৰিষাৰ পূৰ্বে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ খহনীয়া সৃষ্টি হৈছিল । নেৰানেপেৰা বৰষুণৰ পাচতেই ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে বৰলুইতে চলাইছিল তাণ্ডৱ । ইফালে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে চেষ্টা কৰিছিল যদিও কেইটামান দিনৰ পুৰ্বে চকুৰ সন্মুখতে খহাই নিয়ে বিস্তীৰ্ণ অঞ্চল ।
ফলত যিকোনো মূহুৰ্ততে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধ । ইয়াৰ লগে লগে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈয়ো তীব্ৰ ভাবুকি সৃষ্টি কৰাৰ আশংকা বৃদ্ধি পাইছে । শুকুৰবাৰে ডিব্ৰুগড় চহৰলৈ ভাবুকি কঢ়িয়াই অনা ভয়াবহ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ।
বিভাগৰ বিষয়াসকলক লগত লৈ খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড়ৰ এই ভয়ংকৰ খহনীয়াক লৈ চিন্তিত বুলি কয় মন্ত্ৰীগৰাকীয়ে । স্থায়ী সমাধানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণৰ কৰাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ । লগতে ইতিমধ্যে গুৱাহাটী আই আই টি কৰ্তৃপক্ষক ডিব্ৰুগড়ৰ গৰাখহনীয়া পৰিদৰ্শন কৰি সমাধানৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া বুলিও উল্লেখ কৰে । পানীৰ পৰিমাণ কমিলেই আগন্তুক দুমাহৰ পাচতেই ব্যৱস্থা হাতত ল'ব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ ।
লগতে পঢ়ক: Fire break out : কৃষ্ণাইত নিশা ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা
TAGGED:
Erosion in Dibrugarh