Pijush Hazarika slams Gaurav Gogoi: বদৰুদ্দিনৰ হাতত ধৰি নিৰ্বাচনত জয়ী হৈছিল গৌৰৱ গগৈ; পীযুষ হাজৰীকাৰ - গৌৰৱক কটাক্ষ পীযুষ হাজৰীকাৰ
🎬 Watch Now: Feature Video
শিলচৰ,৪ মে': বৃহস্পতিবাৰে শিলচৰৰ বেটুকান্দি মথাউৰি পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্য়মৰ আগত আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য (Pijush Hazarika reacts to Gaurav Gogoi remark) । আজমলৰ প্ৰসংগ উত্থাপন কৰি তেওঁ সাংসদ গৌৰৱ গগৈক তীক্ষ্ণ সমালোচনা কৰা পৰিলক্ষিত হয় । পীযুষ হাজৰীকাই কয় যে, বদৰুদ্দিন আজমলৰ সৈতে বন্ধুত্ব অবিহনে গৌৰৱ গগৈয়ে যোৱা নিৰ্বাচনত নিৰ্বাচনত জয়ী হ’ব নোৱাৰিলেহেঁতেন ।
লগতে হিমন্ত বিশ্ব শর্মা আৰু বদৰুদ্দিন আজমলৰ সন্দর্ভত সাংসদ গৌৰৱ গগৈৰ মন্তব্যক লৈ মন্ত্রী পীযুষ হাজৰীকাই (Minister Pijush Hazarika) তীক্ষ্ণ সমালোচনা কৰা পৰিলক্ষিত হয় । তেওঁ কয় যে, যোৱা নিৰ্বাচনত বদৰুদ্দিনৰ হাতত ধৰি নিৰ্বাচনত জয়ী হৈছিল গৌৰৱ গগৈ । এইবাৰ বদৰুদ্দিন আজমলে কলিয়াবৰত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব নেকি তাৰ ভয়তে গৌৰৱ গগৈয়ে ৰাইজৰ মাজত মিচা প্ৰচাৰ কৰিছে (Pijush Hazarika slams Gaurav Gogoi) ।
লগতে পঢ়ক: Guwahati smart city project: গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ কাম-কাজৰ ব্যৰ্থতাকলৈ কেন্দ্ৰৰ পৰ্যালোচনা