Imported Pigs died of unknown diseases: লখিমপুৰত নৈত উটি আহিছে অচিন ৰোগত আক্ৰান্ত বহু মৃত গাহৰি

By

Published : Jul 9, 2022, 8:49 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

এতিয়াৰে পৰা সাৱধান হওক গাহৰি খোৱাসকলে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ অহা ছোৱাইন ফ্লুত গাহৰিৰ মৃত্যু ঘটি অহাৰ মাজতে এইবাৰ লখিমপুৰত অচিন ৰোগত আক্ৰান্ত হৈছে বহিঃৰাজ্যৰ পৰা অনা গাহৰিসমূহ (Pigs imported from outside have died of unknown diseases)৷ লখিমপুৰৰ চহৰৰ সমীপৰ চেনিমাই নৈত উটি আহিছে এটাৰ পিছত আন এটা মৰা গাহৰি (Dead pigs drowned in river)৷ নৈখনত মৰা গাহৰি উটি অহাক লৈ কদম মইনাপৰা, কদম টেঙাবস্তিকে ধৰি বিভিন্ন অঞ্চল দুৰ্গন্ধময় হৈ পৰাৰ লগতে নৈখনৰ পানী বিষাক্ত হৈ পৰিছে(River has become poisonous and areas have become foul-smelling) ৷ ফলত অঞ্চলসমূহত সৃষ্টি হৈছে এক হাহাকাৰ পৰিৱেশ ৷ লখিমপুৰ জিলাৰ কদম টেঙাবস্তিৰ মাজেৰে বৈ যোৱা চেনিমাই নৈৰ পানী ৰাইজে খাই অহাৰ লগতে বিভিন্ন কামত ব্যৱহাৰ কৰে জানিব পৰামতে, অঞ্চলটোৰ কাষতে থকা দুখনকৈ গাহৰিৰ ফাৰ্মলৈ বহিঃৰাজ্যৰ পৰা অনা বহু গাহৰিৰ মৃত্যু হৈছে ৷ অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰিসমূহ নৈখনত পেলাই দিয়াৰ পৰিৱৰ্তে বিজ্ঞানসন্মতভাৱে পোতাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে (Call for scientific burial of death pigs) ৷ অন্যাথা মৰা গাহৰিবোৰ এনেকৈ উটি অহাৰ ফলত নৈৰ পানীত সৃষ্টি হোৱা বিষাক্ত বীজাণুয়ে ৰাইজৰ বিপুল ক্ষতি কৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ লগতে ফাৰ্মসমূহৰ বিৰুদ্ধে জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.