Max showroom open: ভাল ডাক্তৰ পথাৰৰ মাজত থাকিলে মানুহে বোকা পানী গচকি যাবই: বিধায়ক প্ৰশান্ত ফুকন - MLA Prashant Phukan inaugurates Max Showroom
🎬 Watch Now: Feature Video


Published : Sep 23, 2023, 1:31 PM IST
|Updated : Sep 23, 2023, 1:37 PM IST
ডিব্ৰুগড়,২৩ ছেপ্টেম্বৰ: মুখ খুলিলে ৰাজ্যৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে । কেতিয়াবা যদি ব্যতিক্ৰমী প্ৰতিবাদ কৰি চৰ্চাত থাকে কেতিয়াবা গাই গাই নতুবা ৰসাল কথাৰে ৰাজ্যত চৰ্চা লাভ কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । ডিব্ৰুগড় চহৰত মুকলি কৰা হয় মেক্স শ্ব'ৰুম ।
শুকুৰবাৰে শাৰদীয় দূৰ্গোৎসৱৰ প্ৰাক মূহুৰ্তত ডিব্ৰুগড় চহৰৰ মাজমজিয়াত মেক্স শ্ব'ৰুম মুকলি কৰি বিধায়ক প্ৰশান্ত ফুকনে কয় যে, ভাল চিকিৎসক পথাৰৰ মাজত থাকিলেও মানুহে বোকা পানী গচকি যাবই । তেওঁ এনে আগশাৰীৰ ব্যৱসায় প্ৰতিষ্ঠান অহাটো ডিব্ৰুগড়ৰ বাবে ভাল খবৰ বুলিও উল্লেখ কৰে ৷