Jorhat: বন্দুকৰ গুলীৰ শব্দই পুৱাৰ টোপনি ভাঙে যোৰহাটৰ এখন গাঁৱৰ গঞাৰ

By

Published : Mar 23, 2023, 8:05 PM IST

Updated : Mar 23, 2023, 10:58 PM IST

thumbnail

যোৰহাট, 23 মাৰ্চ: শিশুৰ হাতত পুতলা বা বেলেগ খেলৰ সামগ্ৰী শুৱাই ৷ কিন্তু শিশুৰ হাতৰৰ মুঠিত বন্দুকৰ গুলী কল্পনা কৰিব পাৰি নে ? সন্ত্ৰাস জৰ্জৰ দেশৰ কথা অৱশ্যে সুকীয়া ৷ কিন্তু অসমত এনে ঘটনা হয়তো আপোনাৰ বাবে কল্পনাতীত ৷ কিন্তু আজি আমি আপোনাক এই প্ৰতিবেদনৰ মাজেৰে লৈ যাম অসমৰ এনে এখন গাঁৱলৈ য’ত, প্ৰভাতী আকাশত সূৰ্যোদয় হয় গুলীৰ শব্দত (A Village wake up in sound of bullets) ৷  

প্ৰায়েই পুৱা বাৰুদৰ কোলাহলত সাৰ পাই এই গাঁৱৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো ৷ বাহিৰলৈ ওলাবলৈ তেওঁলোকে ভয় কৰে, কিজানি গুলীয়ে বুকু ভেদি যায় ৷ যোৰহাট নগৰৰ পৰা দক্ষিণ পশ্চিম দিশে প্ৰায় 7 কিলোমিটাৰ নিলগত অৱস্থিত এই গাঁওখনৰ নাম নতুন গাঁও ৷ গাঁওখনৰ গাতে লাগি আছে এটা ভাৰতীয় বায়ুসেনাৰ ঘাটি ৷ য’ত প্ৰায় প্ৰতিদিনেই চলে সেনাৰ বন্দুকৰ অনুশীলন (Security force firing training in Jorhat) ৷ 

লগতে পঢ়ক: Two special trees in Khowang: দুজোপা বিশেষ বৃক্ষক লৈ গৌৰৱান্বিত খোৱাঙৰ এখন গাঁৱৰ ৰাইজ

সেই অনুশীলনত ব্যৱহাৰ কৰা বন্দুকৰ গুলী আহি পৰেহি নতুন গাঁৱৰ বাসিন্দাসকলৰ ঘৰে-চোতালে ৷ ফলত দীৰ্ঘদিন ধৰি আতংকৰ মাজত দিন কটাব লগীয়া হৈছে গাঁওখনৰ লোকসকলে ৷ কেতিয়াবা কোনোটো গুলী যদি কাৰোবাৰ গাৰ নিচেই কাষেৰে পাৰহৈ যায়, আন কেতিয়াবা আকৌ ঘৰৰ টিং ফুটি গুলী পৰেগৈ মজিয়াত ৷ ইয়াৰ বাবে গাঁওখনৰ শিশুসকলৰ সুৰক্ষাক লৈও চিন্তিত গঞা (IAF camp in Jorhat) ৷

গাঁওবাসীয়ে উল্লেখ কৰা মতে, সোণোৱালী শৈশৱত শিলিখা-বগৰী বুটলাৰ সময়ত এই গাঁৱৰ শিশুৱে বোটলে বন্দুকৰ গুলী ৷ সেই গুলীলৈয়ে খেলে শিশুবোৰে ৷ তাৰোপৰি গুলী পৰি প্ৰায়েই নষ্ট হয় লোকসকলৰ ঘৰৰ টিনপাত ৷ ফলত দুই-তিনিবছৰৰ মূৰে মূৰে তেওঁলোকে সলনি কৰিবলগীয়া হয় টিনপাতসমূহ (Jorhat latest news) ৷

লগতে পঢ়ক: Honey Bee shelter tree : ক'ত আছে মৌমাখিৰ প্ৰিয় গছজোপা ?

ৰাইজে বহুবাৰ আপত্তি দৰ্শোৱাৰ পাচত বায়ুসেনা কৰ্তৃপক্ষই এই ফায়াৰিং বন্ধ ৰাখিছিল যদিও পুনৰ আৰম্ভ হৈছে বন্দুকৰ গুলীৰ শব্দত ৰাতিপুওৱা দিনবোৰ ৷ সেয়ে এতিয়া জীৱনৰ নিৰাপত্তা বিচাৰি জিলা প্ৰশাসন আৰু বায়ুসেনা কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে গাঁওখনৰ লোকসকলে (Jorhat IAF camp news) ৷ 

Last Updated : Mar 23, 2023, 10:58 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.