Load shedding at Barhampur: কাৰেন্ট নায়ায়; আহে হে ! জেনেৰেটৰ ভাড়া কৰি নামঘৰত আশ্ৰয় ৰাইজৰ - Power Crisis in Nagaon

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 1:51 PM IST

বঢ়মপুৰ, ৬ ছেপ্টেম্বৰ: "মোৰ দুজনী ছোৱালীয়ে এইবাৰ মেট্ৰিক দিব । কিন্তু বিদ্যুৎ নথকাৰ সিহতে পঢ়িব নোৱাৰে ।" এগৰাকী দিন হাজিৰা কৰা লোকৰ ভাষ্যই উদঙাইছে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ ফোঁপোলা স্বৰূপটো । উৎকট গৰমত বিদ্যুতৰ লুক-ভাকুৱে অতিষ্ঠ কৰি তুলিছে ৰাইজক । গেলা-গৰমত লোড শ্বেডিং আৰু কম ভল্টেজৰ বাবে ৰাইজ ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈছে ।  

উচ্চ নিৰিখত বিদ্যুতৰ বিল আদায় দিয়ো ৰাইজে পৰ্যাপ্ত পৰিমাণে বিদ্যুৎ যোগান লাভ কৰা নাই । আনহাতে, বহু গ্ৰামাঞ্চলত ট্ৰেন্সফৰ্মাৰৰ অভাৱত ৰাইজে ভল্টেজৰ সমস্যাত ভুগিছে । নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ননৈ গোমোঠাগাঁৱত মংগলবাৰে নিশা বিদ্যুতৰ অভাৱত অতিষ্ঠ হৈ ৰাইজে সমূহীয়াভাৱে ভাড়া কৰিলে জেনেৰেটৰ । অঞ্চলটোৰ ৰাইজে জেনেৰেটৰ ভাড়া কৰি স্থানীয় ৰাইজে আশ্ৰয় লয় গোমোঠাগাঁৱৰ নামঘৰত ।  

লগতে পঢ়ক: Misconduct With Airhostess : বিমান পৰিচাৰিকাক দুৰ্ব্যৱহাৰ; বিমানৰ পৰা নমাই দিলে কৈৱৰ্ত পৰিষদৰ নেতাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.