Assam District Remerged: হোজাই জিলাক নগাঁও জিলাৰ সৈতে একত্ৰিকৰণক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া - হোজাই জিলা গঠন
🎬 Watch Now: Feature Video
হোজাই অসমৰ এখন জিলা । ২০১৫ চনৰ ১৫ আগষ্টত এই জিলাখন গঠন হয় । জিলাখনৰ সদৰ হৈছে হোজাই চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত শংকৰদেৱ নগৰত । নগাঁও জিলাৰ তিনিটা ৰাজহ ক্ৰমে হোজাই, ডবকা আৰু লংকাক লৈ হোজাই জিলা গঠন কৰা হৈছিল । হোজাই তেতিয়াৰ অসম প্ৰদেশৰ অবিভক্ত নগাঁও জিলাৰ(বৰ্তমান নগাঁও) অংশ আছিল । আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে যে বৰ্তমান হোজাই জিলাখনক জিলা মৰ্যদাৰ পৰা কৰ্তন কৰি মহকুমালৈ পর্যবসিত কৰা হৈছে(Assam Cabinet in Delhi) । মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক লৈ হোজাই জিলাৰ ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ(Assam District Remerged) ।
Last Updated : Feb 3, 2023, 8:38 PM IST