Protest in Boko: ছয়গাঁৱৰ জামবাৰীত ৰাইজে মেৰামতি কৰিলে পথ - Public protest in Boko
🎬 Watch Now: Feature Video
ছয়গাঁৱৰ জামবাৰীত ৰাইজৰ প্ৰতিবাদ(Public protest in Boko) । পথ নিৰ্মাণৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল গাঁওবাসী । কোলাত কেঁচুৱা লৈ প্ৰতিবাদত নামিল ক্ষোভিত মাতৃ । প্ৰায় দুই কিলোমিটাৰ পথ নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ । বামুণীগাঁও জামবাৰী গড়কাপ্তানী সংলগ্ন পথৰ জামবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা খৰখৰী নদী ঘাটলৈ পথ নিৰ্মাণৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ(Public demanding to road repair) । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ যাতায়তৰ বাবে মৰণফাণ্ডত পৰিণত হৈছে উক্ত পথচোৱা । নিতৌ সৰু বৰ দুৰ্ঘটনা সংঘটিত হয় পথচোৱাত । সেয়ে শীঘ্ৰে পথচোৱা মেৰামতি নকৰিলে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰে ক্ষোভিত ৰাইজে ।
Last Updated : Feb 3, 2023, 8:32 PM IST