Public deprived from govt scheme:নাদৰ পানীয়েই ভৰষা নামচেচু বঙালী গাঁৱৰ ৰাইজৰ - poor road condition in Namsesu village in Teok

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 1:16 PM IST

টীয়ক, ৪ অক্টোবৰ: চৰকাৰে নিতৌ অমৃত কলহ যাত্ৰা,স্বচ্ছ ভাৰত অভিযান আদিত সকলোকে ব্যস্ত ৰাখি উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ সময়তে মৰিয়নি সমষ্টিৰ অন্তৰ্গত টীয়কৰ ১২ নং পূব লাহিং পঞ্চায়তৰ টীয়কৰ নামচেচু বঙালী গাঁৱৰ এই পৰিৱেশ দেখিলে সকলোৰে চকু কপালত উঠিব । স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো এইসকল জনতাই আজিও সেই কৌটিকলীয়া যুগৰ দৰে বসবাস কৰিবলগীয়া হৈছে । নাই বাট পথ,নাই খোৱা পানীৰ ব্যৱস্থা ।  

উল্লেখযোগ্য যে টীয়ক চেলেংহাট মূল পথৰ সৈতে লাগি থকা এই অঞ্চলৰ কেইবাটাও পথৰ অৱস্থা অতি শোচনীয়,বৰষুণ দিলে পথত উঠে একাঠু পানী, দ' দ' গাঁত,বোকাৰ ফলত মটৰচাইকেল, চাইকেল দূৰৰে কথা খোজ কাঢ়ি আহিবলৈও অসুবিধাৰ সন্মুখীন হয় ৰাইজ । ইপিনে,বৃহত্তৰ গাৱঁৰ ৰাইজে আজিও এটা পকী নাদৰ পানী সেৱন কৰি আহিছে । পুৱা গধূলি এইদৰে শাৰী পাতি গঞাই পানীৰ বাবে অপেক্ষা কৰি আছে যুগ যুগ ধৰি ।  

চৰকাৰী অভিলাষী আঁচনিৰ হৰ ঘৰ নল,হৰ ঘৰ জল আঁচনিয়ে আজিও ঢুকি নাই পোৱা এইসকল ৰাইজক । ইপিনে, বাৰিষা লেতেৰা পানী আৰু খৰালি পানীৰ স্তৰ কমি যোৱাৰ ফলত দিনটো কেৱল পানী তোলাৰ লগতে অধিকাংশ লোকেই ব্যস্ত থাকিবলগীয়া এক পৰিবেশৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে এইসমূহ সমস্যা লৈ ৰাইজে বহুবাৰ গাঁওসভাত অভিযোগ দি আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল পোৱা নাই । সেয়ে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আশা কৰি সবকা চাথ সবকা বিকাশ শ্লগান ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছে সকলোৱে ।

লগতে পঢ়ক:Artificial Flood in Tinsukia: এজাক বৰষুণতে বুৰ গ’ল তিনিচুকীয়া চহৰ, কৃত্ৰিম বানত ককবকাইছে ৰাইজ

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.